বিজেপিৰ বিৰুদ্ধে বিভিন্ন ঠাইত প্ৰতিবাদ কোচ -ৰাজবংশী জনজাতিৰ দাবী বিজেপি চৰকাৰক লৈ

Share

জনজাতিকৰণক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোচ ৰাজবংশী,মৰাণসকলৰ প্ৰতিবাদ সাব্যস্ত । চাবুৱাত অব্যাহত আছে  বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ। কেইবাটাও সংগঠনৰ  প্ৰতিবাদত উত্তাল হৈছে চাবুৱা। ছয় জনগোষ্ঠীৰ জাতিকৰণৰ দাবীত নামি পৰিছে সদৌ কোচ-ৰাজবংশী ছাত্ৰ-সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, চুতীয়া ছাত্ৰ-সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি ,অসম অনূসূচিত জাতি ছা্ত্ৰ সন্থাই। ধুবুৰীৰ গোলকগঞ্জত হোৱা প্ৰতিবাদত আৰক্ষীয়ে লাঠি চালনা কৰাক লৈ একাংশ সংগঠনৰ  ক্ষোভ বিজেপি চৰকাৰক লৈ ।

দুদিন ধৰি জনজাতিকৰণক লৈ চলি থকা প্ৰতিবাদক মষিমূৰ কৰাৰ চেষ্টা কৰিছিল অসম চৰকাৰৰ গৃহ বিভাগে । অসম চৰকাৰে কৰা বৰ্বৰ অত্যাচাৰক ধিক্কাৰ দিছে প্ৰতিবাদকাৰীয়ে । আৰক্ষী প্ৰশাসনৰ বৰ্বৰ অত্যাচাৰত প্ৰতিবাদকাৰীসকল ক্ষুদ্ধ হৈ পৰিছে। তাৰ সমান্তাৰলকৈ ৰঙিয়াতো দুঘণ্টীয়া ধৰ্ণা অনুষ্টিত হয়। লক্ষীমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লক্ষীমপুৰ জিলা কোচ-ৰাজবংশীয় সন্মিলনীয়ে ধৰ্ণা দিয়ে । এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *