গুৱাহাটী উচ্চ ন্যায়ালয়ত নৰজিল অসমীয়াৰ প্ৰতিবাদ।

Share

নিউজ ডেস্ক,২২ অক্টোবৰঃঅসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা বিষয়ৰ প্ৰশ্নকাকতৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখি অসমীয়া ভাষা বিষয়ক পৰীক্ষা অবিহনেই APSC ৰ ফলাফল ঘোষণা কৰাৰ অনুমতি প্ৰদান কৰে।

উল্লেখ্য যে, বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত APSCত  অসমীয়া ভাষা বিষয়ক কাকত প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
APSC ২০২০ৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে অনুষ্ঠিত কৰাৰ ফলত ইয়াৰ ফলাফল ঘোষণা কৰা হোৱা নাছিল।

তদুপৰি কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠনে।
ইয়াৰ উপৰিও অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়তো দাখিল কৰা হৈছিল।

আনহাতে উচ্চ ন্যায়ালয়ে চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখি APSC ২০২০ৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে ফলাফল ঘোষণা কৰাৰ অনুমতি প্ৰদান কৰে কৰি শুকুৰবাৰে ফলাফল ঘোষণা কৰে ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *