এডভাণ্টেজ আছাম 2.0ৰ প্ৰতি বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰিবৰ বাবে প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী। অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিনিয়োগকাৰীৰ সন্ধানত জেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই মালেছিয়াৰ ৰাজধানী কোৱালা লামপুৰত উপস্থিত তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰচাৰ চলাই।
কেশৱ মহন্তৰ সমান্তৰালকৈ অহা ফেব্রুৱাৰী মাহৰ ২৪ আৰু ২৫ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’ব লগা এডভাণ্টেজ আছাম 2.0ৰ প্ৰচাৰৰ বাবে মঙলবাৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইত উপস্থিত হৈ ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিস্থান বিভাগৰ মন্ত্ৰীৱ বিমল বৰাই প্ৰচাৰ চলাই। বুধবাৰে ডুবাইৰ হিলটন হোটেলত আয়োজিত এক ৰোড শ্ব’ত মুখ্য অতিথি ৰূপে বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই। মন্ত্ৰীগৰাকীয়ে অসমৰ সমৃদ্ধিশালী খণ্ডসমূহত বিনিয়োগ, সহযোগিতা আৰু বিকাশৰ অপৰিসীমা সুযোগসমূহত গুৰুত্ব প্ৰদান কৰি সমূহ বিনিয়োহকাৰী তথা প্ৰতিনিধিবৃন্দক এজভাণ্টেজ আছাম 2.0ত ভাগ ল’বলৈ অসমলৈ আমন্ত্ৰণ জনায়। আনহাতে মঙলবাৰে ডুবাইত উপস্থিত হৈয়েই মন্ত্ৰী বিমল বড়াই প্ৰখ্যাত উদ্যোগ প্ৰতিষ্ঠান ডি পি ৱৰ্ল্ড পৰিদৰ্শন কৰে । ডিপি ৱৰ্ল্ড পৰিদৰ্শনৰ সময়তে উদ্যোগ মন্ত্ৰীগৰাকীয়ে ট্ৰান্সৱৰ্ল্ড গ্ৰুপৰ অধ্যক্ষ ৰমেশ এছ ৰামাকৃষ্ণণৰ সৈতে এক বৈঠকত মিলিত হৈ অসমত বিনিয়োগৰ সুবিধা আৰু সম্ভাৱনা সন্দৰ্ভত ৰামাকৃষ্ণণৰ সৈতে আলোচনা কৰে। উল্লেখ্য যে যোৱা ১২ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ ৩ দিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়াত এডভাণ্টেজ আছামৰ প্ৰচাৰ চলালে মন্ত্ৰী কেশৱ মহন্তই ৷ মন্ত্ৰী মহন্তই এডভাণ্টেজ আছাম, অসমৰ তথ্য-প্ৰযুক্তি-পৰ্যটন, বাণিজ্য খণ্ডত বিনিয়োগৰ সম্ভাৱনীয়তাক লৈ আলোচনাত মিলিত হয় ৷