ৰাজ্যৰ ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠানলৈ উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা: মাচুল নিদিলেও পাঠদান বাধ্যতামূলক 

Share
ছাদ্দাম হুছেইন, ১১চেপ্তেম্বৰঃ কভিড মহামাৰীৰ বাবে ঘোষণা কৰা লকডাউন আৰু অন্যান্য কঠোৰ নীতি-নিৰ্দেশনাত ব্যাপক ভাবে  ক্ষতিগ্রস্ত হৈছে সাধৰণ জনতা। বহুতে হেৰুৱাব লগীয়া হৈছে কৰ্ম-সংস্থাপন, হ্ৰাস পাইছে উপাৰ্জনৰ উৎস। যাৰ বাবে একাংশ অভিভাবকৰ বাবে ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠাৰ মাচুলৰ উচ্চ নিৰিখ এক প্ৰকাৰ বোজাৰ দৰে হৈ পৰিছে।
নিয়মীয়া পাঠদান দীর্ঘদিন ধৰি বন্ধ হৈ থকাৰ ফলতো সম্পুর্ণ মাচুল আদায় দিবলগীয়া হোৱা বাবে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে এই কঠোৰ নিৰ্দেশনা। বিদ্যালয় সমুহত নিয়মীয়া পাঠদান আৰম্ভ হলে কোনো ছাত্র-ছাত্ৰীয়ে সম্পুর্ণ মাচুল আদায় দিব নোৱাৰিলেও বিদ্যালয় স্বত্বাধিকাৰীয়ে নিয়মীয়া পাঠদানৰ পৰা বন্চিত কৰিব নোৱাৰিব ছাত্র-ছাত্ৰীক, পাঠদান বাধ্যতামূলক। মহামান্য উচ্চ ন্যায়ালয়ৰ এই কঠোৰ নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠাত অধ্যয়নৰত ছাত্র-ছাত্ৰীৰ লগতে অভিভাবক সমাজ কিছু পৰিমাণে সকাহ লাভ কৰাৰ প্ৰকট হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *