১৪ ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতু

Share

অসমত বিজেপি চৰকাৰৰ শাসনৰ পিছতেই বহু উন্নয়নৰ কাম সম্পন্ন হৈছে।অসম চৰকাৰৰ আন এক প্ৰকল্প ১৪ ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।চৰকাৰে নিৰ্মাণ কৰা ৬ লেনযুক্ত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ নিৰ্মাণৰ কাৰ্য ইতিমধ্যে শেষ পৰ্যায়ত উপনিত হৈছে।গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰাৰ লগে লগে অসমবাসীৰ বাবে এক ঐতিহাসিক দিন হ’ব।দলংখনত জড়িত ৯৯ শতাংশ শ্ৰমিকেই অসমীয়া।হাঁহি হাঁহি দলং নিৰ্মাণৰ কামত নিজকে নিয়োজিত কৰিছে উজনি-নামনিৰ বহু অসমীয়া যুৱকে।ডিব্ৰুগড়, দুলীয়াজান, মাজুলী,শদিয়া, লখিমপুৰ, নলবাৰী আদি উজনি-নামনি বিভিন্ন অঞ্চলৰ পৰা অহা বহু অসমীয়া যুৱকে দীৰ্ঘদিন ধৰি দলং নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে।যাৰ ফলস্বৰূপে নিয়াৰীকৈ দলংখনৰ নিৰ্মাণৰ কাম সম্পন্ন হৈছে।

মুখ্যমন্ত্ৰীয়ে বুধবাৰে দলঙৰ নিৰ্মাণ কাৰ্য চলি থকা ঠাইত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে-“গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ছয় লেনযুক্ত কুমাৰ ভাস্কৰ বৰ্মা সেতুখন অহা ১৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰীয়ে উদ্বোধন কৰিব।কিন্তু উদ্বোধনৰ পিছত এই সেতুৰে যাতায়াত কৰা যান-বাহন আই আই টি গুৱাহাটীৰ সমীপেৰে যোৱা এটা সৰু পথেৰে ৰাষ্ট্ৰীয় ঘাইপথত উঠিব লাগিব।কিয়নো গৌৰীপুৰত ট্ৰাম্পেড নিৰ্মাণৰ কাম চলি আছে।অহা জুন মাহতহে ট্রাম্পেডৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব।”

এই সেতুখনে বহন কৰিব কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ গৌৰৱময় গাথা।১.২৪ কিলোমিটাৰ দৈঘ্যৰ এই দলংখনত ৩ হাজাৰ ৩০০ কোটি ব্যয় হৈছে।এছ পি চিংলা কনস্ট্ৰাকচন কোম্পানীয়ে নিৰ্মাণ কৰিছে দলংখন।দলংখনৰ উদ্বোধনৰ পিছতেই যাতায়তৰ ক্ষেত্ৰত বহু সুবিধা হ’ব ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *