১৪ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Share

অহা ১৪ ফেব্ৰুৱাৰীত মুকলি কৰা হ’ব বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব ডিব্ৰুগড় জিলাৰ মৰাণৰ বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা চমুকৈ ই এল এফ। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে এতিয়া তৎপৰ হৈ উঠিছে ডিব্ৰুগড় জিলাৰ প্ৰশাসন, ই এল এফ নিৰ্মাণৰ লগত জড়িত প্ৰতিষ্ঠান আৰু ভাৰতৰ বায়ুসেনা৷ ইয়াৰ লগত সংগতি ৰাখি এটা এয়াৰ শ্ব’ আয়োজন কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে মৰাণৰ চাৰিলেনযুক্ত পথত বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা। ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছৰ জঁটিয়নীত চাৰিলেনযুক্ত এই ই এল এফ পথৰ দৈঘ্য হৈছে ৪.২ কিলোমিটাৰ৷ ভাৰতীয় বায়ুসেনাৰ তত্বাৱধানত পশ্চিমবংগৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে এই ই এল এফ নিৰ্মাণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম এই জৰুৰী অৱতৰণ সেৱাই মৰাণত যাতায়তৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনিছে। দেশৰ যিকোনো জৰুৰী পৰিস্থিতিতে মৰাণৰ ৰাজপথত অৱতৰন কৰিব পাৰিব ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান। প্ৰধানমন্ত্ৰীৰ এই উন্মোচন অনুষ্ঠানৰ পাছতেই এক এয়াৰ শ্ব’ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। যাৰ বাবে ইতিমধ্যেই প্ৰৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে।

প্ৰধানমন্ত্ৰী আগমন সন্দৰ্ভত ৫ ফেব্ৰুৱাৰীত মৰাণৰ জঁটিয়নীত ই এল এফৰ কাষতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এখন উচ্চস্তৰীয় বৈঠক অনুস্থিত কৰা হয়। এই  বৈঠকত ১৪ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা হয়। সভাত অসম চৰকাৰৰ মুখ্য সচিব ড ৰবি কোটা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিং, ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপৰিও ভাৰতীয় বায়ুসেনাৰ শীৰ্ষ বিষয়া আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কয় যে, “গুৱাহাটীত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত গুৱাহাটী বিমান বন্দৰৰ পৰা পোনে পোনে মৰাণলৈকে যাব। মৰাণত যি Advance Landing Facility কৰিছো নেচনেল হাইৱেৰ ওপৰত তাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া লেণ্ড কৰিব। তাৰ পাছত প্ৰায় আধঘণ্টা সময় প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান তাত অৱতৰণ কৰা আৰু এটা এয়াৰ শ্ব’ উপভোগ কৰিব। ইয়াৰ পাছতেই মৰাণৰ পৰা  দিল্লীলৈ তেওঁ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী গৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *