দীপাৱলী উৎসৱ উদযাপন আই এন এছ বিক্ৰান্তত ভাৰতীয় সশস্ত্ৰ বাহিনীক চেল্যুট জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Share

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই এন এছ বিক্ৰান্ত সেনা জোৱানসকলৰ সৈতে দীপাৱলী উৎসৱ উদযাপন কৰে।এই দীপাৱলী উৎসৱ উদযাপন  তেওঁ জোৱানসকলক সম্বোধন কৰি কয় এইবাৰ স্বদেশী যুদ্ধ বিমানবাহক আই এন এছ বিক্ৰান্তত সেনা জোৱানসকলকৰ সৈতে দীপাৱলী উদযাপন কৰি অতি আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছো।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱা আৰু কাৰাৱাৰ উপকূলত আই এন এছ বিক্ৰান্তত বীৰ সৈনিকসকলৰ মাজত মিঠায়ো বিতৰণ কৰে আৰু নিজৰ হাতেৰে মিঠায়ো খোবাই দিয়ে।তাৰ পিছত বীৰ সৈনিকসকলে হাত চাপৰি বজাই আৰু ভাৰত মাতা কি জই বুলি শ্লগান দিয়ে।

  নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত চেল্যুট জনাই কয় ভাৰতীয় নৌও সেনাৰ দাৰা সৃষ্টি কৰা যিটো ভয় সৃষ্টি কৰিছে,ভাৰতীয় বায়ুসেনাই দেখুওৱা অচৰিত দক্ষতা আৰু ভাৰতীয় সেনাৰ বীৰত্ব এই তিনিওটা সেনাৱাহিনিৰ প্ৰচণ্ড সম্মিলনে অপাৰেচন সিন্দুৰত পাকিস্তানক ইমান সোনকালে আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল ।আৰু সেইবাবেই বন্ধুসকল আকৌ এবাৰ অপৰাধৰ স্থান আই এন এছ বিক্ৰান্তৰ এইপবিত্ৰ পূজাস্থলীৰ পৰা তিনিওটা শক্তিৰ জোৱানক প্ৰণাম জনাইছো। বন্ধুসকল যেতিয়া শত্ৰু সম্মুখত থাকে,যেতিয়া যুদ্ধৰ সম্ভাৱনা থাকে তেতিয়া ভাৰতীয় জোৱানসকলে নিজৰ শক্তিশালী প্ৰদৰ্শন কৰে ।সশস্ত্ৰ বাহিনী শক্তিশালী হোৱাৰ বাবে তেওলোকৰ বাবে আত্মনিভৰশীল হোৱাটো অতি প্ৰয়োজনীয়, এই বীৰ জোৱানসকল এই মাটিত জন্ম হয় এই মাটিত ইহতে প্ৰথম, যাৰ মাকৰ কোলাৰ পৰাই জন্ম হৈছিল সেই মাকো এই মাটিতে  ডাঙৰ-দীঘল হৈছিল সেইবাবেই এই মাটিৰ বাবে মৰিবলৈ ,সন্মানৰ বাবে নিজকে ত্যাগ কৰাৰ প্ৰৰেণা আছে সমগ্ৰ বিশ্বৰ পৰা।ভাৰতীয় হোৱাত সেনাৱাহিনীৰ যি শক্তি আছে ,আপোনাৰ জীৱন ভাৰতৰ মাটিৰ লগত যিদৰে সংযুক্ত হৈ আছে ।একেদৰে আমাৰ প্ৰতিতো সুজলি,আমাৰ প্ৰতিটো অস্ত্ৰ আৰু আমাৰ প্ৰতিটো অংশ ভাৰতীয় হোৱাৰ লগে লগে আমাৰ শক্তি বাঢি জাই।এয়াই আই এন এছ বিক্ৰান্তৰ শক্তি এই উৎসৱৰ পৰিৱেশত মই বিশেষভাৱে আমাৰ সশস্ত্ৰ বাহিনীক চেল্যুট জনাব বিচাৰো ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে নৌসেনাৰ সৈতে দীপাৱলী উদযাপনৰ বাবে গোৱা আৰু কাৰৱাৰ উপকূলত আই এন এছ বিক্ৰান্তত উপস্থিত হয় আৰু সেনাৰ সৈতে তেওঁৰ উৎসৱ উদযাপনৰ পৰম্পৰা অব্যাহত ৰাখে ।

তেওঁ কয়, আই এন এছ বিক্ৰান্তৰ সৈতে ভাৰতীয় নৌসেনাই ঔপনিৱেশিক উত্তৰাধিকাৰৰ সকলোতকৈ মহান প্ৰতীকৰ ভিতৰত এটাক বিদায় দিলে । তেওঁ লগতে কয় যে আই এন এছ বিক্ৰান্ত আত্মনিৰ্ভৰ ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ প্ৰতীক ।তেওঁ কয় যিকোনো ব্যক্তিয়ে নিজৰ পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰিব বিচাৰে । মোৰো নিজৰ পৰিয়ালৰ সৈতে দীপাৱলী উদযাপনৰ অভ্যাস, সেই কাৰণেই মই আপোনালোক সকলোৰে মাজত, যাক মই নিজৰ পৰিয়াল হিচাপে গণ্য কৰো, তেওঁলোকৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ আহিছো । মই ইয়াত মোৰ পৰিয়ালৰ সৈতে বহুত ভাল সময়ো অতিবাহিত কৰি আছোঁ । এই দীপাৱলী মোৰ বাবে সঁচাকৈয়ে বিশেষ ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, সমুদ্ৰৰ গভীৰ নিশা আৰু আজি পুৱাৰ সূৰ্যোদয়ে মোৰ দীপাৱলীক কেইবা প্ৰকাৰেও বিশেষ কৰি তুলিছে । আই এন এছ বিক্ৰান্তৰ ডেকৰ পৰা মই দেশবাসীক দীপাৱলী শুভকামনা জনাইছো । আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আপোনালোকৰ পৰিয়াললোকো মোৰ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা ।

তেওঁ লগতে কয়, আপোনালোকৰ ওচৰত থাকি, আপোনালোকৰ শ্বাস-প্ৰশ্বাসক অনুভৱ কৰি, আপোনালোকৰ হৃদস্পন্দন অনুভৱ কৰি আৰু আপোনালোকৰ চকুত জিলিকি উঠা সন্তুষ্টি দেখি মোৰ কিবা এক গভীৰ অনুভৱ হৈছে । কালি মই অলপ সোনকালে শুই পৰিছিলোঁ, যিটো মই সাধাৰণতে নকৰো । মই সোনকালে এইকাৰণে শুইছিলো যাতে গোটেই দিনটো আপোনালোকক চোৱাৰ পিছত মোৰো সন্তুষ্টি অনুভৱ হৈছে, সেয়া মোৰ নিজৰ টোপনি নহয়, আচলতে সন্তুষ্টিৰহে নিদ্ৰা ।

জোৱানসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, মই সেনাৰ সাজসজ্জাৰ শক্তি লক্ষ্য কৰি আছিলো । এই ডাঙৰ ডাঙৰ জাহাজবোৰ, বতাহতকৈ তীব্ৰ গতিৰ বিমান, এই ছাবমেৰিন, এইবোৰ নিজক নিজে প্ৰভাৱশালী । কিন্তু এইবোৰক প্ৰকৃত শক্তিৱন্ত কৰি তুলিছে ইয়াক পৰিচালনা কৰাসকলৰ সাহসে । এই জাহাজ হ’ব পাৰে লোৰে নিৰ্মিত, কিন্তু যেতিয়া আপোনালোকে ইয়াৰ ওপৰত উঠি যাত্ৰা কৰে, তেতিয়া ই সশস্ত্ৰ সেনাৰ জীৱন্ত, উশাহ-নিশাহ লোৱা শক্তিত পৰিণত হয় । মই কালিৰে পৰা আপোনালোকৰ সৈতে আছো । প্ৰতিটো মুহূৰ্ততে মই কিবা নহয় কিবা এটা শিকিছো ।

মোদীয়ে লগতে কয়, দিল্লীৰ পৰা বিদায় লোৱাৰ সময়ত মই ভাবিছিলো যে মই এই ক্ষণ নিজে উপভোগ কৰিম । কিন্তু আপোনালোকৰ কষ্ট, তপস্যা আৰু সমৰ্পণ ইমানেই উচ্চস্তৰীয় যে মই ইয়াক সঁচা অৰ্থত উপভোগ কৰিব পৰা নাই । অৱশ্যে মই ইয়াক নিশ্চিতভাৱে বুজিছো । মই কেৱল কল্পনা কৰিব পাৰোঁ যে এই জীৱনটো প্ৰকৃত অৰ্থত যাপন কৰাটো কিমান কঠিন হ’ব ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *