আমেৰিকাৰ পিছত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু ইউএইৰ চৰকাৰী ভ্ৰমণৰ বাবে ৰাওনা হয়। ভাৰত-ফ্ৰান্সৰ সম্পৰ্ক ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দুয়ো দেশৰ মাজত কেইবাটাও বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ সময়চোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হʼব।
উক্ত বৈঠকত আই এন এছ বিক্ৰান্তৰ বাবে ২৬ খন ৰাফেল যুঁজাৰু বিমানৰ ক্ষেত্ৰত ভাৰত-ফ্ৰান্সৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱণা আছে। ১৪ জুলাইত বেষ্টিল দিৱসৰ কুচ-কাৱাজত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। সেই অনুষ্ঠানটোত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এটা দলেও অংশ গ্ৰহণ কৰিব।
ইফালে ১৫ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবু ধাবি ভ্ৰমণ কৰিব আৰু ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হʼব। ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপসাগৰীয় দেশখন পঞ্চমবাৰ বাবে ভ্ৰমণ কৰিব।