দুবছৰৰ অন্তত আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হৈ উঠিল অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য।২০২৪ বৰ্ষতে ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণপ্ৰতিষ্ঠা হৈছিল।শুভক্ষণৰ সাক্ষী হৈ ৰ’ল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে ধৰ্মপ্ৰাণ লোক।৫০০ বছৰীয়া সংকল্প পূৰণ হ’ল।অধিক আগ্ৰহেৰে মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দীবেন পেটেলে আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীক।অযোধ্যাত পুষ্পবৃষ্টিৰে প্ৰধানমন্ত্ৰীক আদৰিলে লক্ষ্যাধিক ভক্তপ্ৰাণ ৰাইজে।লগতে একাংশই হাতে হাতে পদুমৰ চিহ্ন আৰু বিজেপিৰ পতাকা লৈ উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীক।অযোধ্যাৰ চাৰিওকাষৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছিল।২৪ নৱেম্বৰত ১২ বজাৰ পূৰ্বেই অযোধ্যাৰ ৰাম মন্দিৰৰ ধৰ্মধ্বজা উত্তোলন কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।১০ ফুট ওখ আৰু ২০ ফুট দীঘলীয়া সোঁকোণীয়া ত্ৰিকোণীয় পতাকাখনত ভগৱান ৰামৰ গৌৰৱ আৰু শৌৰ্যৰ প্ৰতীক হিচাপে উদিত সূৰ্যৰ এক ছবি আছে, য’ত ‘ঔঁম’ আৰু কাঞ্চন গছৰ ছবি অংকিত আছে।উল্লেখনীয় যে,এই ধ্বজাখন পৰম্পৰাগত নাগৰ স্থাপত্য শৈলীত তৈয়াৰ কৰা হৈছে৷ধৰ্মধ্বজাখন উত্তোলন কৰাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে শতাধিক ভক্তৰ আগত প্ৰদান কৰিলে আদৰণীয় ভাষণ।ভাষণত তেঁও কয় যে-‘‘আমি আমাৰ ৰামৰ সৈতে পাৰ্থক্যৰ জৰিয়তে নহয়, আৱেগৰ জৰিয়তে সংযোগ স্থাপন কৰোঁ।’’ লগতে তেঁও কয় ‘‘ধৰ্মধ্বজা প্ৰতিষ্ঠা কেৱল এটা অনুষ্ঠানেই নহয়, বৰঞ্চ শতিকাজুৰি কঢ়িয়াই অনা ঘা আৰু যন্ত্ৰণাৰ নিৰাময় আৰু ডেৰ সহস্ৰাব্দ ধৰি জীয়াই ৰখা আধ্যাত্মিক যজ্ঞৰ শিখৰত উপনীত হোৱাৰ প্ৰতীক।’’ আনহাতে ফেচবুক পেজত প্ৰধানমন্ত্ৰীয়ে ‘‘শ্ৰীৰাম জন্মভূমি মন্দিৰত ধ্বজা আৰোহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অযোধ্যাত অৱতৰণ।’’বুলিও পোষ্ট কৰে।ধৰ্মধ্বজাখন উত্তোলন কৰাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ৰামলালাৰ বিশেষ আৰতি আৰু পূজাত অংশগ্ৰহণ কৰে।ৰাম মন্দিৰৰ চৌহদৰ ভিতৰত থকা সাতটা মন্দিৰ পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।প্ৰায় ৮ হাজাৰতকৈ অধিক লোকৰ আগমণ হয় অযোধ্যালৈ।ইতিমধ্যে ৰাম মন্দিৰৰ ৪৪ খন দুৱাৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে মুকলি কৰা হ’ল।প্ৰধানমন্ত্ৰীৰ ধৰ্মধ্বজাৰ উত্তোলনৰ লগে লগে এটি নতুন অধ্যায়ৰ সূচনা হ’ল।