২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী

Share

২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন সমাগত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ। চৰকাৰী-বেচৰকাৰী বিভিন্ন কাৰ্যসূচীৰে ২০ ডিচেম্বৰত অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণতে ৰণডংকা বজাব ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ।

উল্লেখযোগ্য যে, ২০ ডিচেম্বৰৰ দিনৰ ২.৪৫ বজাত গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্ঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত বাঁহেৰে বিশেষভাৱে নিৰ্মাণ কৰা টাৰ্মিনেলটো শুভাৰম্ভ কৰিব। ২১ ফুট উচ্চতাৰ গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। যাৰ বাবে বিমান বন্দৰ চৌহদত এখন বিশাল জনসভা আয়োজন কৰা হ’ব। ইয়াৰ পাছতেই মোদীয়ে যাত্ৰা কৰিব ৰাজ্যিক বিজেপি কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনলৈ। কাৰ্যালয়ত উপস্থিত হৈয়ে দলৰ ন-পুৰণি কাৰ্যকৰ্তা সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছতেই নিশাটো কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত থকি মোদীয়ে ২১ ডিচেম্বৰৰ পুৱাই উজান বজাৰত থকা সতী সাধিনী শান্তি উদ্যানলৈ যাব। গুৱাহাটীৰ বৰাগাঁওস্থিত ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই নামৰূপ সাৰ কাৰখানাৰ আধাৰশিলা স্থাপনৰ বাবে নামৰূপলৈ ৰাওনা হ’ব। ১০ হাজাৰ কোটি টকাৰ ব্যয়ৰে নিৰ্মান কৰা হ’ব প্ৰকল্পটো। ইয়াৰ পাছত নামৰূপৰ এখন বিশাল জনসভা সম্বোধন কৰিব মোদীয়ে। উক্ত সভাখনৰ পাছতেই মোদী নতুন দিল্লী অভিমুখে ৰাওনা হ’ব।

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণকলৈ এতিয়া ব্যস্ত হৈ পৰিছে শাসকীয় চৰকাৰখন। প্ৰদধানমন্ত্ৰীৰ এই ভ্ৰমণৰ বিষয়টো তদাৰক কৰিবলৈ ৰঞ্জিত কুমাৰ দাস, পীয়ূষ হাজৰিকা, কেশৱ মহন্ত, জয়ন্তমল্ল বৰুৱা, অশোক সিংহল, ডাঃ ৰণোজ পেগু, বিমল বৰা, যোগেন মহন, ৰূপেশ গোৱালা, প্ৰশান্ত ফুকন প্ৰমোখ্য অন্যান্য মন্ত্ৰীসকলক বিশেষভাৱে দায়িত্ব অৰ্পন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *