তিনি দেশৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিবলৈ ভ্ৰমণসূচীৰে ১৫ ডিচেম্বৰত নতুন দিল্লীৰ পৰা ৰাওনা হ’য় জৰ্ডান,ইথিওপিয়া,ওমানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।চাৰিদিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত তেওঁ পশ্চিম এছিয়াৰ আৰৱ দেশ জৰ্ডানৰ ৰাজধানী আম্মানত উপস্থিত হয়।ৰজা আব্দুল্লাহ ইবন আল হুছেইনৰ আমন্ত্ৰণ মৰ্মে আম্মানত বিপুল আদৰণি জনায় মোদীক।জৰ্ডান বিমান বন্দৰত তেওঁক জৰ্ডানৰ প্ৰধানমন্ত্ৰী জাফৰ হাছানে আদৰণি জনায়।
১৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী ভাৰত-জৰ্ডান সম্বন্ধৰ পুনৰীক্ষণৰ লক্ষ্যৰে ৰজা দ্বিতীয় আব্দুল্লা ইবন আল হুছেইনৰ সৈতে আলোচনাত মিলিত হয়।লগতে দেশখনৰ নেতৃবৰ্গৰে তেওঁ আঞ্চলিক বিষয়সমূহতো মত বিনিময় কৰে।জৰ্ডানত মোডীয়ে প্ৰবাসী ভাৰতীয় সকলকো সাক্ষাৎ কৰে।
চলিত বৰ্ষটো ভাৰত-জৰ্ডানৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ সংখ্যক বৰ্ষ।এনে সময়ত মোদীৰ জৰ্ডান ভ্ৰমণে নিশ্চিতভাৱে এক নতুন গতি প্ৰধান কৰিব বুলি বিবেচনা কৰা হৈছে।জৰ্ডানলৈ ৰাওনা হোৱাৰ পূৰ্বে নতুন দিল্লীত মোডীয়ে কয় যে-‘’ মই জৰ্ডান, ইথিওপিয়া ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিক আৰু ওমান ভ্ৰমণলৈ ওলাইছো।তিনিওখন দেশৰ সৈতে ভাৰতৰ প্ৰাচীন সভ্যতাগত সম্পৰ্ক আছে।লগতে আছে বিস্তৃ সমসাময়িক দ্বিপাক্ষিক সম্পৰ্ক’’।
জৰ্ডান ভ্ৰমণ সামৰি ১৬ ডিচেম্বৰত আফ্ৰিকাৰ দেশ ইথিওপিয়াত উপস্থিত হ’ব মোদী।এই ভ্ৰমণ হৈছে মোদীৰ প্ৰথম ইথিওপিয়া ভ্ৰমণ।গ্ল’বেল ছাউথৰ সহযোগী হিচাপে দুয়োখন দেশৰ মাজত ইতিমধ্যে পাৰস্পৰিক সহযোগিতাৰ প্ৰতিশ্ৰুতি আছে।ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে তেওঁ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ ওপৰত বিশদ আলোচনাত মিলিত হ’ব।লগতে তেওঁ ইথিওপিয়াৰ প্ৰবাসী ভাৰতীয় সকলক সাক্ষাৎ কৰিব।
ভ্ৰমণৰ শেষ পৰ্যায়ত ১৭ ডিচেম্বৰত ওমানলৈ যাব মোদী।চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণত দ্বিতীয়বাৰৰ বাবে তেওঁ ওমানলৈ যাব।মোদী আৰু ওমানৰ চুলতানৰ মাজত মাছকটত বিভিন্ন বিষয়ৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে।তিনি দেশৰ ভ্ৰমণসূচী সামৰি ১৮ ডিচেম্বৰত নিজ দেশলৈ উভতি আহিব প্ৰধানমন্ত্ৰী মোদী।