অসম ভ্ৰমণসূচী সামৰি কলকাতাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

Share

অসমত দুদিনীয়া ভ্ৰমণসূচী সামৰি দেওবাৰে বিয়লি পশ্চিমবংগত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।পশ্চিম বংগৰ বিধান সভাৰ  নিৰ্বাচনৰ পূৰ্বে একে মাহতে দুবাৰকৈ বংগ ভ্ৰমণক লৈ ৰাজনৈতিক মহলত ব্যাপক কৌতুহলৰ সৃ্ষ্টি হৈছে। আজি ফৰ্ট উইলিয়ামত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী গৰাকীয়ে। তেওঁৰ সৈতে উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল।

কলকাতাত তেওঁ বিভিন্ন প্ৰশাসনিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে গৈছে যদিও আঁৰত ৰাজনৈতিক কোনো বাৰ্তা লুকাই আছে নেকি সেই কথাক লৈ ৰাজনৈতিক বৰ্তমান তীব্ৰ চৰ্চা হৈছে। নিৰ্বাচনৰ পূৰ্বে প্ৰধান মন্ত্ৰীৰ ভ্ৰমণক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ অন্তৰালত কি ৰাজনৈতিক উদ্দেশ্য আছে সেই কথা জানিবলৈ আগ্ৰহী বংগবাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *