অসমত সম্পন্ন কৰা হ’ল অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। নিৰ্বাচন মানে বজাৰত সমূহত দাম বৃদ্ধি। অন্তিম পৰ্যায়ৰ ভোট দানৰ পিছৰে পৰা মহানগৰীৰ বজাৰসমূহত বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম । এপদ দুপদকৈ বৃদ্ধি হৈ সামগ্ৰীৰ মুল্য । মহানগৰীত নিৰ্বাচনৰ পিছতে হঠাৎ বৃদ্ধি পালে আলু পিয়াঁজৰ মুল্য। পূৰ্বতে আগ্ৰাৰ আলুৰ প্ৰতি কুইন্টলতৰ মুল্য আছিল ১৮০০ টকাৰ পৰা ১৯০০ টকা লৈ । বৰ্তমান সময়ত আগ্ৰাৰ আলু মুল্য হৈছে গৈ প্ৰতি কুইন্টলত ২৭০০ টকা। ঠিক তেনেদৰে বৰ্তমান বেংগল আলুৰ মুল্য প্ৰতি কুইন্টলত ২৩০০ টকা । আলুৰ পাইকাৰী মুল্য বৃদ্ধিৰ লগে লগে পিয়াঁজৰ মুল্যও বঢ়াই দিলে ব্যৱসায়ী সকলে । এতিয়া পাইকাৰী বজাৰত পিয়াঁজ মুল্য হৈ আছে প্ৰতি কুইন্টলত ৪০০ ৰ পৰা ১০০০ লৈ । এফালে পাইকাৰী বজাৰত মুল্য বৃদ্ধি হোৱাৰ পিছতৰ পৰাই বৰ্তমান খুচুৰা বজাৰটো বৃদ্ধি হ’ল আলু পিয়াঁজ মুল্য । নিৰ্বাচনী পূৰ্বে ২০ টকা ৪০ টকাকৈ বিক্ৰী হৈ থকা আলু এতিয়া খুচুৰা বজাৰত বিক্ৰী কৰি আছে ৩০ টকাৰ পৰা ৩৫ টকালৈ । ঠিক তেনেদৰে পিয়াঁজৰো মুল্য বৃদ্ধি কৰি ২৫ টকাত বিক্ৰী হৈ থকা পিয়াঁজৰ মূল্য হৈছে গৈ ৪০ টকা । অকল আলু পিয়াঁজ বুলিয়ে নহয় বৃদ্ধি পালে আন আন সামগ্ৰীৰ মূল্যও হঠাৎ বৃদ্ধি হোৱা সামগ্ৰীৰ মূল্য ই যেন মাধমাৰ শুদাইছে সাধাৰণ জনতাৰ ওপৰত।