পল্লৱী গগৈ
২৩ আগষ্ট,গুৱাহাটীঃ সংবাদমেল সম্বোধন কৰে আঞ্চলিক গণমৰ্চাৰ দলৰ সভাপতি তথা সাংসদ অজিত ভূঞাই। ভূৱা কৃষকৰ নামত শ শ কোটি টকা আত্মসাৰক লৈ সৰৱ সাংসদগৰাকী।’আজি এমাহ পাৰ হোৱাৰ পিছতো একো ব্যৱস্থা গ্ৰহণ নকৰিলে।বিষয়টোৰ ওপৰত মাত মাতিবলৈ অভাৱ মুখ্যমন্ত্ৰীৰ।বিজেপিৰ নেতা, মন্ত্ৰী, দালালে মিলি এই টকা আত্মসাৎ কৰিলে।সহনশীলতাৰ নামত একো এটা কৰিব নোৱাৰিলে।মুখ্যমন্ত্ৰীৰ স্থিতি অত্যন্ত ৰহস্যজনক।’ এইবুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।