বহু প্ৰত্যাশিত অপেক্ষাৰ অন্তত আজি ৰাষ্ট্ৰপতি নিৰ্বাচন ।বিগত কেইবাদিনো ধৰি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ততপৰ হৈ পৰা পৰিলক্ষিত হৈছিল শাসক বিৰোধী ৰাজনৈতিক দল ।ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পন্ন হৈ উঠিছে নিৰ্বাচনী প্ৰক্ৰিয়া ।দেশৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতিগৰাকী নিৰ্বাচিত কৰিবৰ বাবে প্ৰায় ৪,৮০০ বিধায়ক আৰু সাংসদে কৰিব ভোটদান ।পিছে এতিয়াও সামাজিক মাধ্যমৰ লগতে ৰাজনীতি মহলত বহুল চৰ্চিত দুয়োগৰাকী শাসক বিৰোধী প্ৰাৰ্থী ।
কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি ! দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত অৱশ্যেই জয়ৰ সম্ভাৱনাৰ দিশে বহুল চৰ্চিত দ্ৰৌপদী মূৰ্মু । কিয়নো বৰ্তমান ৬০ শতাংশই ভোটৰ পূৰ্ণ সম্ভাৱনা তেওঁৰ পক্ষত । নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ হ’ব সংসদ ভৱন আৰু দেশৰ ৰাজ্যসমূহৰ বিধানসভাত । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা হ’ব ২১ জুলাই তাৰিখে আৰু আনফালে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব ২৫ জুলাই তাৰিখে । পিছে নিৰ্বাচনৰ এনে ক্ষণত যিহেতু জয়ৰ সম্ভাৱনাৰ দিশে দ্ৰৌপদী মূৰ্মু । গতিকে যদি সেয়াই হ’বলৈ হয় তেন্তে ওড়িষাৰ প্ৰাক্তন মন্ত্ৰী তথা দেশৰ প্ৰথম জনজাতি লগতে দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি হিচাপে ইতিহাসৰ পাতত লিপিবদ্ধ হ’ব দ্ৰৌপদী মূৰ্মু।