ৰাষ্ট্ৰপতি জ’ বিডেনে পদত্যাগ কৰা উচিত ,তেওঁ এই সকলোবোৰৰ বাবে দায়ী : ডনাল্ড ট্রাম্প

Share

সুপ্রিয়া তৰফদাৰ
গুৱাহাটী,১৬ আগষ্ট:আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আফগানিস্তানৰ পৰা নিমিষতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক কঠোৰ ভাবে সমালোচনা কৰি ৰাষ্ট্ৰপতি জ’ বিডেনৰ পদত্যাগ দাবী কৰে।
সম্প্ৰতি আফগানিস্তানৰ আশ্রফ ঘানী চৰকাৰক উফৰাই তালিবানে দেশখনৰ শাসনভাৰ চম্ভালি লৈছে।দেওবাৰে জাৰি কৰা এক বিবৃতিত ট্ৰাম্পে কয়,”আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ সময় আহি পৰিছে,তেওঁ আফগানিস্তানৰ অশান্ত পৰিৱেশ সৃষ্টিত অনুমতি দিছে, লগতে তেওঁৰ শাসন কালতেই কৰ’না ভাইৰাছৰ পুনৰ প্ৰাদুৰ্ভাৱ,সীমান্তৰ বিপৰ্যয়ৰ লগতে আমেৰিকাৰ অৰ্থনীতি পংগু হৈ পৰিছে।”

তেওঁ লগতে কৈছিল যে,”এই পদত্যাগ কোনো ডাঙৰ কথা নহ’ব,কিয়নো বিডেন বৈধভাৱে নিৰ্বাচিত হোৱা নাছিল।”আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই মন্তব্য দেওবাৰে আফগানিস্তানৰ চৰকাৰৰ পতনৰ পিছতেই আহিছিল।আশা কৰা হৈছে যে আফগানিস্তানত তালিবানে শীঘ্ৰেই পূৰ্বৰ দৰে ইছলামিক আমিৰাত স্থাপনৰ ঘোষণা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *