বৃহস্পতিবাৰে চুপাৰ কম্পিউটাৰ সুবিধা থকা ‘পৰম কামৰূপা’ উদ্বোধন কৰিব আই আই টি গুৱাহাটী চৌহদত ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।ইয়াৰোপৰি উদ্বোধন কৰিব এটা উচ্চ শক্তি সক্ৰিয় আৰু নিষ্ক্ৰিয় উপাদান পৰীক্ষাগাৰ ‘সমীৰ’। এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল জগদীশ মুখী,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰ আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত লগতে অন্য বিশিষ্ট লোকসকল।
এই অনুষ্ঠানটোত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভাৰ্চুৱেল উদ্ৱোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু মধ্যপ্ৰদেশৰ জবলপুৰৰ ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰ জোনেল ইনষ্টিটিউটৰো আধাৰশিলা স্থাপন কৰা হ’ব। আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে এই সন্দৰ্ভত জনায় যে,দেশৰ ৰাষ্ট্ৰপতি আই আই টিলৈ অহাটো পৰম সৌভাগ্যৰ কথা আৰু তেওঁক আদৰণি জনায় সীথাৰামে।