দুদিনীয়া ভ্ৰমণকাৰ্যসূচীৰে আজি অসমত উপস্থিত হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

Share
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি অসমত উপস্থিত হ’ব দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰলৈ অসমত উপস্থিত হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । অসমত উপস্থিত হৈ তিনিটাকৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে ‘পৰম কামৰূপ’ শীৰ্ষক ছুপাৰ কম্পিউটাৰৰ লগতে আধাৰ শিলা স্থাপন কৰিব অংগনবাড়ী কেন্দ্ৰ-আদৰ্শ বিদ্যালয়ৰো।
মুকলি কৰিব ‘সমীৰ’ শীৰ্ষক গৱেষণাগাৰ। ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীৰ বাবে উছৰ্গা কৰিব DMCH। স্থাপন কৰিব ভাইৰল’জী প্ৰতিষ্ঠানৰ মাণ্ডলিক শাখাৰ আধাৰশিলাও। ভাইৰল’জী প্ৰতিষ্ঠানৰ দুটাকৈ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *