লক্ষ্ণৌ, ১৩ জানুৱাৰীঃ যোৱা ১০ জানুৱাৰীত তাজমহল পৰিদৰ্শন কৰা দুগৰাকী আমেৰিকাৰ পৰ্যটকক কোভিড-১৯ পজিটিভ পোৱাক লৈ এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আগ্ৰাৰ মুখ্য চিকি९সা বিষয়া ডাঃ অৰুণ শ্ৰীবাস্তৱে বৃহস্পতিবাৰে কয় যে বাৰাণসীৰ পৰা আগ্ৰালৈ অহা আমেৰিকাৰ পৰ্যটক দুজনে হোটেল এখনত থকা এটা গ্ৰুপৰ অংশ আছিল। তেওঁ আকৌ কয় যে গ্ৰুপটোৰ সকলোৰে নমুনা লোৱা হৈছিল যদিও মাত্ৰ দুজন আমেৰিকান লোকৰহে কোভিড পজিটিভ পোৱা গৈছে।
ডাঃ শ্ৰীবাস্তৱে পি টি আইক জনায়, ”৯ জানুৱাৰীত পৰ্যটক দুজন বাৰাণসী হৈ আগ্ৰালৈ আহি পিছদিনা তাজমহল পৰিদৰ্শন কৰে। তাজমহলৰ পূৱ গেটত আগ্ৰাৰ স্বাস্থ্য বিভাগৰ দলে পৰ্যটকসকলৰ নমুনা লৈছিল।” তেওঁ পুনৰ কয় যে লক্ষ্ণৌত জিন’ম ছিকুৱেন্সিঙৰ বাবে পৰ্যটকসকলৰ নমুনা প্ৰেৰণ কৰা হৈছে।
উল্লেখযোগ্য যে, পৰ্যটকৰ দলটোৱে পৰৱৰ্তী সময়ত ৰাজস্থানলৈ ৰাওনা হোৱাৰ কথা আছিল। সেয়েহে জয়পুৰৰ স্বাস্থ্য বিভাগক ইতিমধ্যে সতৰ্ক কৰি দিয়া হৈছে।