প্ৰতিমা দেৱী কলিতাই একেৰাহে ১২ ঘণ্টা সাঁতুৰি অভিলেখ গঢ়িলে

Share

অৱশেষত নতুন ৰেকৰ্ড  গঢ়িলে সাঁতোৰ প্ৰশিক্ষক প্ৰতিমা দেৱী কলিতাই । শীতৰ দিন অৰ্থ্যা ১১ ডিচেম্বৰ দেওবাৰৰ  দিনটেোত একেৰাহে ১২ ঘণ্টা সাঁতুৰি এই ৰেকৰ্ড কৰিলে কলিতাই । কলিতাই গুৱাহাটীৰ ড০ জাকিৰ হুছেইন একুৱেটিকছ ছুইমিং পুলত সাঁতুৰিছিল ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সাঁতুৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে ।এনে অভিলেখেৰ ৪০ৰ ঊৰ্ধ্বৰ প্ৰথমগৰাকী মহিলা সাঁতোৰবিদ হিচাপে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি  উঠিছে। অসম বুক অফ ৰেকৰ্ডৰ লগতে ভাৰত বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট হয় কলিতাৰ।আগন্তুক দিনত ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হোৱাৰ পণ থকা বুলি উল্লেখ কৰি প্ৰতিমা দেৱী কলিতাই কয় যে ২০২৪ বৰ্ষত তেওঁ ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ বাবে চেষ্টা চলাব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *