আজি যোৰহাটত বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হ’ব২১ সংখ্যক প্ৰাগ চিনে এৱাৰ্ডছ।বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হব এই প্ৰাগ চিনে এৱাৰ্ডছ । উত্তৰ-পূৰ্ৱাঞ্চলৰ এক অন্যতম বৃহ९ সাংস্কৃতিক অনুষ্ঠান প্ৰাগ চিনে এৱাৰ্ডছ আজি যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন সম্পূৰ্ণ কৰি তোলা হৈছে । প্ৰাগ চিনে এৱাৰ্ডছৰ প্ৰস্তুতিৰ বুজ লয় প্ৰাগ চেনেলৰ পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণে আৰু সাংবাদিকৰে সৈতে আলোচনাত মিলিত হয়। এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ মূল আকৰ্ষণ প্ৰখ্যাত চনু নিগম আৰু তেওঁৰ লগতে বলিউদৰ কেইবাগৰাকী জনপ্ৰিয় অভিনেতা ৰাখী শাৱন্ত, জনপ্ৰিয় কণ্ঠশিল্পী মহালক্ষ্মী আয়াৰ ,জুবিন গাৰ্গ , অংগৰাগ পাপন মহন্ত , দক্ষিণ ভাৰতীয় অভিনেতা চৰণ শৰ্মা আৰু উত্তৰ-পূৰ্ৱাঞ্চলৰ ছবিজগতৰ তাৰতা ,গায়ক-গায়িকা , প্ৰযোজক , পৰিচালক উপস্থিত থাকিব। প্ৰাগ চিনে এৱাৰ্ডছে প্ৰতিবছৰে প্ৰদান কৰি অহাৰ দৰে এইবেলিও প্ৰাগ চিনে এৱাৰ্ডছে গ্লৱেল আইকন এৱাৰ্ডছ প্ৰদান কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্লী অংগৰাগ পাপন মহন্তক। প্ৰাগ চেনেলৰ পৰিচালক সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণে কয় যে এইবাৰ ৩৭ টা বিভাগত প্ৰদান কৰা হব বটা । পোন প্ৰথমবাৰৰ বাবে যোৰহাটত অনুষ্ঠিত হোৱা প্ৰাগ চিনে এৱাৰ্ডছত প্ৰায় ৩০ হেজাৰৰো অধিক লোকৰ সমাৱেশ ঘটিৱ ।