অনন্ত শয্যাত শুই পৰিল মহাভাৰত খ্যাত ভীম

Share
গুৱাহাটী,৮ফেব্রুৱাৰীঃ মহাভাৰত,জনসমাজৰ মাজত প্রচলিত এখন বিখ্যাত ধাৰাবাহিক ।য’ত ভীমৰ চৰিত্রটিত  দূৰ্দান্ত অভিনয়ৰে দৰ্শকৰ মন মোহিবলৈ সক্ষম হোৱাৰ লগতে সুদক্ষ অভিনেতাৰূপে পৰিচয় লাভ কৰা প্রবীণ কুমাৰ চবতিৰ সোমবাৰে নিশা   ৯.৩০ বজাত হৃদৰোগত আক্রান্ত হৈ মৃত্যুক আকোঁৱালি লয় ।৭৪ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা পঞ্জাবৰ  প্রবীণ কুমাৰ চবতীয়ে বলীউডৰ বহুকেইখন   চলচ্চিত্রত অভিনয়ৰ পাৰদৰ্শিতাৰে অনুৰাগীসকলৰ মন জয় কৰিছিল প্রবীণ কুমাৰ চবতীয়ে । সুঠাম ,ওখ ব্যক্তি প্রবীণ কুমাৰ চবতীয়ে তেওঁৰ ভীমৰ চৰিত্রটিৰ জৰিয়তে কৰা প্রাণবন্ত অভিনয়ত গুণমুগ্ধ হৈছিল দৰ্শকসকল। যাৰ জৰিয়তে এই ধাৰাবাহিকখনৰ পৰা তেওঁ যথেষ্ট জনপ্রিয়তা তথা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । প্রাপ্ত তথ্য অনুসৰি ,অভিনয়  জগতত খোজ পেলোৱাৰ পূৰ্বে প্রবীণ কুমাৰ চবতী আছিল এজন ডিচকাচ থ্র’ এথলীট । এছিয়ান গেমছত ২টাকৈ স্বৰ্ণ পদক ,১টা ৰূপ আৰু ১টা ব্রঞ্জৰ পদক জিকি দেশবাসীৰ বাবে সুনাম কঢ়িয়াই অনা এইজনা প্রবীণ কুমাৰ চবতীক  পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্রীড়া  সন্মান অৰ্জুন বটাঁ প্রদানেৰে সন্মানিত কৰা হয় ।ক্রীড়া জগতলৈ সুনাম অৰ্জন কৰাৰ পিছতে তেওঁ সীমান্ত সুৰক্ষা বাহিনীত যোগদানৰ সুবৰ্ণ সুযোগ লাভ কৰে যদিও কেইবছৰমানৰ পিছত সেই দায়িত্বৰ পৰা অব্যাহতি লয় ।
বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ এক সাক্ষাৎকাৰত প্রবীণ কুমাৰে কোৱা অনুসৰি , তেওঁৰ স্বাস্থ্য উন্নত নাছিল যাৰ বাবে তেওঁ ঘৰতে থাকি  দিন কটাবলগীয়া  হৈছিল ।তদুপৰি ,পঞ্জাব চৰকাৰৰ ওপৰত পেঞ্চন সন্দৰ্ভত অসন্তুষ্টি প্রকাশ কৰাৰ লগতে বহু অভিযোগ উথাপন কৰি তেওঁ কৈছিল যে এছিয়ান গেমছত বিভিন্ন পদক জয় কৰা সকলো খেলুৱৈক পেঞ্চন প্রদান কৰাৰ হৈছিল যদিও তেওঁৰ ক্ষেত্রত বিপৰীতহে হ’ল । তেৱেই  অন্যতম খেলুৱৈ আছিল যিয়ে কমনৱেলথক প্রতিনিধিত্ব কৰিছিল ,ত্বতস্বত্বেওঁ পেঞ্চনৰ ক্ষেত্রত তেওঁ আৰু তেওঁৰ মাতৃৰ লগত সৎ ব্যৱহাৰ তথা আচৰণ কৰা নাছিল বুলি সাক্ষাৎকাৰটিত  উল্লেখ কৰিছিল প্রবীণ কুমাৰ চবতীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *