অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ প্ৰভাতী থাওচেন

Share

অৱসৰ  অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি অৱসৰ প্ৰাপ্ত আই.এ.এচ প্ৰভাতী থাওচেন।ইয়াৰ পূৰ্বে তেওঁ দৰং জিলাৰ ২৮ সংখ্যক উপায়ুক্ত হিচাপে কাম কৰিছিল। জিলাখনৰ প্ৰথমগৰাকী মহিলা উপায়ুক্ত আছিল তেওঁ।প্ৰভাতী থাওচেনে সীমা সুৰক্ষা আৰু উন্নয়ন আৰু পৰ্যটন বিভাগত অসম চৰকাৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। থাওচেন  ১৯৫২ চনৰ ২৯ এপ্ৰিল তাৰিখে গঠন হোৱা অসমৰ স্বায়ত্তশাসিত পাৰ্বত্য জিলা ডিমা হাছাওৰ পৰা অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ আসন শুৱনি কৰা প্ৰথমগৰাকী মহিলা ৷লগতে ৰাজ্যিক তদন্ত  আৰু বিষয়াৰ দায়িত্বতো আছিল।অৱসৰপ্ৰাপ্ত আই.এ.এচ বিষয়াগৰাকীয়ে লোকসেৱা আয়োগৰ সদস্যৰূপে কাৰ্যনিবাহ কৰি আছিল লগতে ২০২৫ত আয়োগৰ সদস্য হিচাপে থাওচেন নিযুক্ত হৈছিল। প্ৰশাসনিক দিশত এগৰাকী অভিজ্ঞতা সম্পন্ন মহিলা প্ৰভাতী থাওচেেন অসমৰ বিভিন্ন বিভাগত কাম কৰিছিল।জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাৰ লগতে কৰ্মৰ প্ৰতি সততা আৰু দক্ষতাৰ বাবে তেওঁক বহুলভাৱে সন্মান কৰা হয়।

বৰ্তমান তেওঁ এ.পি.এ.ছিৰ নতুন অধ্যক্ষ পদ অধিষ্ঠিত হোৱা পিছত ৰাজ্যখনৰ প্ৰশাসনিক বিষয়া নিযুক্তিৰ ক্ষেত্ৰত কেনেধৰণৰ  গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব সেইয়া হব অতি প্ৰয়োজনীয়। লগতে আয়োগৰ কাম-কাজসমুহ শৰ্ক্তিশালী হ’ব বুলি আশা কৰা হৈছে। ৰাজ্যখনৰ প্ৰশাসনিক বিষয়ত  তেওঁৰ যথেষ্ট  অভিজ্ঞতা  আছে আৰু জনসেৱাৰ নিযুক্তিৰ স্বচ্ছতাৰ ক্ষেত্ৰত তেওঁ কেনেধৰণৰ গুৰুত্ব আৰূপ কৰিব সেয়া হব লক্ষণীয়। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *