গুৱাহাটী, ১৩ ডিচেম্বৰঃ দ্ৰুতগতিত স্বাস্থ্যৰ অৱনতি ঘটা দুদিন পূৰ্বে অভিনেতা গৰাকীক চিকি९সালয়ত ভৰ্তি কৰা হৈছিল ।গুৱাহাটী চিকি९সা মহাবিদ্যালয়ত চিকি९সাধীন হৈ আছে জনপ্ৰিয় অভিনেতা জয়ন্ত দাস। যোৱাকালি অভিনেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লবলৈ চিকি९সালয়ত উপস্থিত হয় কেশৱ মহন্ত ।মন্ত্ৰীগৰাকীয়ে অভিনেতা জনক সাক্ষা९ কৰি স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লয় । চিকি९সা সন্দৰ্ভত তদাৰক কৰি থকা চিকি९সকৰ সৈতে আলোচনা কৰে ।আলোচনাৰ অন্তত মন্ত্ৰী মহন্তই সকলো ধৰণৰ প্ৰয়োজনীয় জৰুৰী চিকি९সা সেৱা উপলদ্ধ কৰিবলৈ চিকি९সকক দিহা দিয়ে । অভিনেতাগৰাকীৰ সকলো চিকি९সা ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি সাংস্কৃতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই মন্তব্য কৰিছে ।