নীলা আকাশ আৰু পৰিষ্কাৰ বায়ুৱে দেশৰ চহৰসমূহত এতিয়া দু:স্বপ্নত পৰিণত হৈছে।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ চহৰসমূহতো বৰ্ধিত বায়ু প্ৰদূষণৰ মাত্ৰাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে।অসমৰ গুৱাহাটী মহানগৰীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ চহৰ এতিয়া বিষাক্ত বায়ুৰ কবলত পৰিছে।দেশৰ ভিতৰত গুৱাহাটী মহানগৰীত সৰ্বাধিক ব্লেক কাৰ্বন নিৰ্গমন হয়।ফলত গুৱাহাটী মহানগৰী হৈছে সৰ্বাধিক বায়ু প্ৰদূষিত চহৰ।বৃহ९সংখ্যক লোকে বিষাক্ত বায়ু সেৱন কৰি আহিছে।গুৱাহাটীৰ লগতে নগাওঁ,শিলচৰ,শিৱসাগৰ আৰু নলবাৰীতো বায়ুমান নিম্নস্তৰৰ।অধ্যাপক শাৰদ গোখলেৰ নেতৃত্বত গুৱাহাটীত আই আই টিৰ বায়ু আৰু শব্দ গৱেষণা লেব’ৰেটৰীৰ গৱেষক পণ্ডিত ৰাজেশ শৰ্মাই চলোৱা অধ্যয়নত গুৱাহাটী মহানগৰীত ব্লেক কাৰ্বন নিৰ্গমনৰ পৰ্যায় অধিক পাইছে।
জীৱাশ্ম ইন্ধন দাহন বিশেষকৈ যান-বাহন,উদ্যোগ,আৱাসিক এলেকাত কেৰাচিনৰ লেম্প ব্যৱহাৰৰ বাবেই সৰ্বাধিক ব্লেক কাৰ্বন নিৰ্গমন হয়।ৰাজ্য চৰকাৰৰ শীৰ্ষ সূত্ৰত প্ৰকাশ কৰা মতে,বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্লেক কাৰ্বন নিৰ্গমনৰ অন্যতম চহৰ গুৱাহাটী।উল্লেখ্য যে দ্ৰুতগতিত বৃদ্ধি পোৱা যান-বাহনৰ চলাচল,যান-জঁট আদিয়ে বায়ু প্ৰদূষণ বৃদ্ধি কৰিছে।