ৰাজধানী দিল্লীত প্ৰদূষণে লৈছে ভয়াৱহ ৰূপ

Share

দেশৰ ৰাজধানী দিল্লীত প্ৰদূষণে লৈছে ভয়াৱহ ৰূপ।কুঁৱলী সদৃশ পৰিৱেশত দিন অতিবাহিত কৰিছে দিল্লীবাসীয়ে। ভয়ানক প্ৰদূষণে দিল্লীৰ সদাব্যস্ত জনতাৰ জনস্বাস্থৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।এনে ভয়ানক পৰিৱেশত পুৱাতে জনতাই গাড়ীৰ লাইট জ্বলাই যান- বাহন চলাব লগীয়া পৰিস্থিতি হৈছে। ভয়াৱহ প্ৰদূষণৰ মাজেৰে শিক্ষাৰ্থীসকলে স্কুল-কলেজ আৰু কৰ্মচাৰী সকলে কৰ্মস্থলীলৈ যাবলৈ শংকিত হৈছে। ইতিমধ্যে ৫০% কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিছে চৰকাৰে।যুগ্ম-অযুগ্ম নিয়মেৰে চলিব বাহন সমুহ।২০ নৱেম্বৰলৈ চলিব এই নিয়ম।এই প্ৰদূষণৰ কাৰণ হৈছে চুবুৰীয়া ৰাজ্য পঞ্জাৱ,হাৰিয়ানা,উত্তৰ প্ৰদেশ,ৰাজস্থান আদিৰ পৰা কৃষি পথাৰত জমা কৰা পেলনীয়া আৱৰ্জনাৰ পৰা নিৰ্গত হয় প্ৰদূষণ,কল কাৰখানাৰ পৰাও নিৰ্গত হোৱা লেতেৰা ধোঁৱা আৱৰ্জনাই প্ৰদূৰ্ষিত কৰিছে দিল্লীক।ইয়াৰোপৰি প্ৰায় ১কোটি জনতাৰ যান বাহনৰ পৰা ওলোৱা ধোঁৱাই দিল্লীৰ প্ৰদূষণৰ ভয়াৱহতা বৃদ্ধি কৰিছে।চিন্তিত হৈছে অৰবিন্দ কেজিৰৱাল নেতৃত্বাধীন চৰকাৰ।প্ৰতিবছৰে বৃদ্ধি হৈ আহিছে প্ৰদূষণ,অনিশ্চয়তাত ভূগিছে দিল্লীৰ জনতা।

Leave a Reply

Your email address will not be published. Required fields are marked *