এনকাউন্টাৰত নামিছে দৰঙৰ SP সুশান্ত বিশ্ব শৰ্মা বাহিনীঃম’ষ্ট ৱান্টেড ডকাইতক এনকাউণ্টাৰ দৰং আৰক্ষীৰ

Share

দৰঙৰ পৰা প্ৰাঞ্জল প্ৰতিম ডেকাৰ বিশেষ প্ৰতিবেদন

মঙলদৈ,১১আগষ্টঃ দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত এইবাৰ ম’ষ্ট ৱান্টেড ডকাইতক এনকাউণ্টাৰ কৰিছে দৰং আৰক্ষীয়ে ।
প্ৰখ্যাত আইনবিদ বিনয় ঘোষৰ হত্যাকাৰীক কৰা হৈছে এনকাউন্টাৰ ।
নিশা ২ বজাত দুৰ্ধৰ্ষ ডকাইত আছা বাবুক গুলী কৰে দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে ।
চৰজমিন তদন্তলৈ লৈ যাওঁতে পিষ্টলেৰে আৰক্ষীক আক্ৰমণ কৰাৰ অপচেষ্টা কৰোতেই এনকাউণ্টাৰ কৰে আৰক্ষীয়ে ।
উল্লেখ্য যে, ম’ষ্ট ৱান্টেড হৈ থকা আছা বাবু নামৰ দুৰ্ধৰ্ষ ডকাইতটো কেইবাটাও লোমহৰ্ষক ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ উপৰি বহুকেইটা গোচৰত অভিযুক্ত হৈ আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *