নিউজ ডেক্স,২৩মেঃ আলফা (স্বা) লৈ যাবলৈ ওলোৱা ৭ জনকৈ যুৱকক আটক আৰক্ষীৰ।ৰাজ্যৰ ভিন্ন প্ৰান্তত আলফা (স্বা) ক শক্তিশালী কৰাৰ স্বাৰ্থত আলফাই আৰম্ভ কৰিছে সদস্য ভৰ্ত্তি অভিযান। এই সদস্য ভৰ্ত্তি অভিযানত অন্তৰ্ভুক্ত হৈছে ৰাজ্যৰ বহুত যুৱক যুৱতীৰ নাম। এই সদস্য ভৰ্ত্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতেই ৭ জনকৈ যুৱকক পুনৰ আটক কৰিলে আৰক্ষীয়ে। চৰাইদেউ জিলাৰ সাপেখাতীত নিশা চলা আৰক্ষীৰ অভিযানত। আটক কৰে যুৱক কেইজনক।
যুৱক কেইজন ক্ৰমে- সাপেখাতী টাইৰাই গাঁৱৰ আশ্বিনী কুমাৰ বৰুৱা, ৩ নং হাঁওফাও গাঁৱৰ নৰ থাপা, গণেশ ছেত্ৰী আৰু ৰহন গোহাঁই গাওঁৰ পৰা জান বৰগোহাঁই , বাকচু গাওঁৰ যতীন দাস আৰু দুই ভাতৃ আচিছ দাস আৰু দেৱ দাস।