আৰক্ষী সদায় জনতাৰ হিতৰ বাবে কাম কৰিবলৈ বদ্ধ পৰিকৰঃভাস্কৰজ্যোতি মহন্ত

Share

ডিজিটেল সংবাদ কোকৰাঝাৰ: কোকৰাঝাৰ থানাৰ নৱ-নিৰ্মিত আৰক্ষীভৱন মঙ্গলবাৰে আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মুকলি কৰে । অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মিত কোকৰাঝাৰ সদৰ থানাৰ ভৱনআনুষ্ঠানিকভাৱে মুকলি কৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে, অসমত প্ৰথম পৰ্যায়ত ৭৫ খন থানা মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মান কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত ৫৯ খন নিৰ্মাণ কৰা হৈছিল।

ভাস্কৰজ্যোতি মহন্তই লগতে কয় যে, অসমৰ ২১৯ খন প্ৰতিখন থানা নতুনকৈ নিৰ্মাণ কৰা হব । নতুনকৈ নিৰ্মিত থানাৰ ভৱনে জনতাৰ সুবিধাৰ বাবে আৰু পুলিচৰ কাৰনে কাম কৰাৰ বাবে সুবিধাজনক পৰিবেশৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে ৷ সাধাৰণ লোক আৰু মহিলাসকলে আৰক্ষী থানালৈ আহিবলৈ ভয় কৰিব নালাগে আৰু আৰক্ষীয়ে সদায় জনতাৰ হিতৰ বাবে কাম কৰিবলৈ বদ্ধ পৰিকৰ বুলি মন্তব্য কৰি বিটিআৰত অশান্তিৰ যৱনিকা পৰি উন্নয়নৰ পিনে ধাৱমান হোৱা বুলি মন্তব্য কৰে ।

ড্ৰাগছ আৰু সংঘটিত অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান চলিব বুলিও উল্লেখ কৰে অসম আৰক্ষীয়ে। এই উদ্বোধনী অনুষ্ঠানত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণই , আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবে , অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ আদিকে ধৰি আন শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *