বৰ্তমান অসমত লোকসভা নিৰ্বাচনৰ কাৰ্যসূচী সম্পন্ন হৈছে যদিও দেশত এতিয়াও অব্যাহত আছে নিৰ্বাচনী প্ৰক্ৰিয়া ৷ দেশত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অন্ধপ্ৰদেশত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইতিমধ্যে অন্ত পৰিছে তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ বৰ্তমান চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনীৰ বাবে দিনে নিশাই প্ৰচাৰত নামি পৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৷ যোৱা ৮ মে’ ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অন্ধপ্ৰদেশৰ বিজয়ৱাৰাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বিজয়ৱাৰাত উপস্থিত হৈ এখন ৰোড শ্ব’ অংশগ্ৰহণ কৰে মোডীয়ে ৷ এই ৰোড শ্ব’ মোডীৰ লগত উপস্থিত থাকে দক্ষিণ ভাৰতৰ চুপাষ্টাৰ পৱন কল্যাণ আৰু তেলেগুৰ বিজেপি প্ৰাৰ্থী চান্দ্ৰবাবু নাইডু ৷ অহা ১৩ মে ত অন্ধপ্ৰদেশ আৰু তেলেংগণা এই দুখন ৰাজ্যত অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ৷ সৈইবাবে নিশা অন্ধপ্ৰদেশৰ বিজয়ৱাৰাত জনতাৰ মাজলৈ গৈ মাৰাথন প্ৰচাৰ চলাই মোডীয়ে ৷ এই ৰোড শ্ব বিজেপিৰ পতাকা লৈ অংশগ্ৰহণ কৰিলে হাজাৰ হাজাৰ জনতাই ৷ চাৰিওফালে মোডীৰ আকৌ এবাৰ মোডী চৰকাৰ, নৰেন্দ্ৰ মোডী জিন্দাবাদ শ্লোগানেৰে গুঞ্জৰিত কৰিলে সাধাৰণ জনতাই ৷