দুখন দেশৰ ভ্ৰমণ কাৰ্যসূচী সামৰি গ্ৰীচৰ পৰা নিৰ্ধাৰিত ভ্ৰমণসূচীৰে পোনে পোনে কৰ্ণাটকৰ বেংগালুৰলৈ ৰাওনা হ’ব প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী।
উল্লেখযোগ্য যে, বেংগালুৰুত উপস্থিত হৈ চন্দ্ৰযান -৩ অভিযানৰ লগত জড়িত ইছৰোৰ বিজ্ঞানীসকলক সাক্ষা ৎকৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।৪০ দিনীয়া মহাকাশ অভিযানৰ অন্তত বুধবাৰে সন্ধিয়া চন্দ্ৰযান-৩ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ বুকুত সফলভাৱে অৱতৰণ কৰে।
আনহাতে, ইয়াৰ পিছতেই চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হল ভাৰতবৰ্ষ।লগতে চন্দ্ৰযান-৩ অৱতৰণৰ লাইভ টেলিকাষ্টত দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰত্যক্ষ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, চন্দ্ৰপৃষ্ঠত ইতিহাস সৃষ্টি কৰা চন্দ্ৰযান-৩ অভিযানক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ”ভাৰত এতিয়া চন্দ্ৰত ।যেতিয়া আমি এনে ঐতিহাসিক মুহূৰ্তবোৰ দেখিবলৈ পাওঁ তেতিয়া ই আমাক অতি গৌৰাম্বিত কৰে ।এয়া হৈছে নতুন ভাৰতৰ আৰম্ভণি।”
উল্লেখযোগ্য যে, ২৩ আগষ্টৰ দিনটো ভাৰতবৰ্ষৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হল।কাৰণ এই দিনটোতে ভাৰতৰ চন্দ্ৰযান-৩ অভিযানে লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানক লৈ ইতিহাস ৰচনা কৰি চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ছফ্ট লেণ্ডিং কৰে।আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিছতেই সফলতাৰে চন্দ্ৰত অৱতৰণ অভিযান পৰিচালনা কৰা চতুৰ্থ ৰাষ্ট্ৰ হিচাপেও পৰিগণিত হয় ভাৰত ।