সংসদ ভৱন কাণ্ডক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

Share

গুৱাহাটী, ১৮ ডিচেম্বৰঃ সংসদ ভৱনৰ কাণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,’সংসদ আক্ৰমণৰ ঘটনা অত্যন্ত গুৰতৰ ইয়াক সৰু ঘটনা হিচাপে বিবেচনা কৰা উচিত নহয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো এই বিষয়টোত গুৰুত্ব দিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা লৈছে। তদন্তকাৰী সংস্থাবোৰে সকলো দিশ চালি-জাৰি চাইছে।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে কয় যে, এই ঘটনাৰ আঁৰত কোন আছে আৰু ইয়াৰ উদ্দেশ্য কি তাৰ গভীৰতালৈ যাব লাগিব।

এই ঘটনাক ৰাজনীতিকৰণ নকৰিবলৈ বিৰোধীক আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ। তৰ্ক-বিতৰ্ক আৰু প্ৰতিবাদ এৰি বিষয়টোক বুজিব লাগিব লগতে ঘটনাটোৰ গম্ভীৰতা বুজি সমাধানৰ পথ বিচাৰিব লাগিব বুলিও মন্তব্য কৰে  প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে সংসদ ভৱনৰ ঘটনাক অতি দুখজনক আৰু উদ্বেগজনক বুলি অভিহিত কৰে আৰু বিৰোধীসকলক ইতিবাচক ৰাজনীতি কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *