৩০ডিচেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যালৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰায় তিনি ঘন্টাৰ বাবে এই ভ্ৰমন প্ৰধানমন্ত্ৰীগৰাকীৰ। উক্তদিনাই নৱ-নিৰ্মিত অযোধ্যা ৰে’ল ষ্টেচনৰ লগতে বিমান বন্দৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে কিছুদিন পূৰ্ৱে সংসদৰ ভিতৰত দুৰ্বৃত্তই আক্ৰমন কৰাৰ পৰিৱেশ আৰু নতুন দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ পাচতে প্ৰায় তিনি ঘন্টাৰ বাবে অযোধ্যালৈ যাবলগীয়া প্ৰধানমন্ত্ৰী মোডীৰ নিৰাপত্তাক লৈ সতৰ্কতা জাৰি কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।
আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰে কয় যে-সমগ্ৰ অযোধ্যাত সতৰ্কতা বৃদ্ধি কৰাৰ লগতে যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰতো কেতবোৰ নীতি-নিয়ম বান্ধি দিছে প্ৰশাসনে।