ৰাহুল গান্ধীৰ প্ৰত্যাহ্বান গ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

Share

ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে।দেওবাৰে ৰাহুল গান্ধীয়ে মুম্বাইৰ শিৱাজী পাৰ্কত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামৰণি অনুষ্ঠানত মোডীক শক্তি আখ্যা দি কটাক্ষ কৰিছিল।তাৰে প্ৰত্যুত্তৰত সোমবাৰে তেলেংগানা আৰু তামিলনাডুৰ জনসভাত মোডীয়ে শক্তি প্ৰসংগত ৰাহুল গান্ধীক কটাক্ষ কৰি কয়, “কংগ্ৰেছৰ উদ্দেশ্য শক্তিৰ বিনাশ কৰা।বিৰোধী জোঁটে নিজৰ ইস্তাহাৰত কৈছে যে তেওঁলোকৰ যুঁজ শক্তিৰ বিৰুদ্ধে হ’ব।আমাৰ বাবে প্ৰতিগৰাকী মাতৃ,ভগ্নী,জীয়ৰী একোগৰাকী শক্তি।তেওঁলোকে এই শক্তিক বিনাশ কৰিব বিচাৰিছে।মই এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছো।জীয়াই থাকো মানে মই সেই শক্তি নিঃশেষ হ’বলৈ নিদিওঁ।”ইয়াৰ লগতে মোডীয়ে কয় যে, আমি ভাৰতমাতাৰ পূজাৰী ।প্ৰতিগৰাকী মাতৃ-ভগ্নীক সুৰক্ষা দিবলৈ তেওঁ জীৱন উচৰ্গা দিবলৈ সাজু আছে।

আনহাতে প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ বক্তব্যক বিকৃত ৰূপত ব্যাখ্যা কৰা বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয়,”মোডীয়ে মোৰ কথাবোৰ পচন্দ নকৰে।কিবা প্ৰকাৰে মোৰ কথাৰ অৰ্থ সলনি কৰাৰ চেষ্টা কৰে।তেওঁ জানে যে মই সঁচা কথা কৈছো।মই যি শক্তিৰ কথা কৈছো আৰু যাৰ বিৰুদ্ধে আমি যুঁজ দিছো,সেয়া নৰেন্দ্ৰ মোডীৰ বাহিৰে আন কোনো নহয়।তেওঁ এনে এটা শক্তি, যাৰ কবলত পৰিছে ভাৰতৰ কণ্ঠস্বৰ,ই ডি,চি বি আই, আইকৰ, আনকি দেশৰ সমগ্ৰ সাংবাদিক পৰিকাঠামো।”   

Leave a Reply

Your email address will not be published. Required fields are marked *