কবিতা দেৱী, ২৪ ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক। কমলা হেৰিছৰ সৈতে গণতন্ত্ৰ, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনসহ কেইবাটাও বিষয়ত আলোচনা কৰে মোদীয়ে। এই বৈঠকতে মোদীয়ে হেৰিছক কয় যে তেওঁৰ বিশ্বাস আছে যে ৰাষ্ট্ৰপতি জো বাইডেন আৰু তেওঁৰ নেতৃত্বত ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কই নতুন শিখৰত উপনীত হব। মোদী আৰু হেৰিছৰ এয়া আছিল প্ৰথম সাক্ষাৎ। ইয়াৰ পূৰ্ৱে কোৰোনাৰ দ্বিতীয় ঢৌৰ বাবে আমেৰিকাৰ উপ ৰাষ্ট্ৰ-পতিয়ে মোদীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে। এই বৈঠকেত প্ৰধানমন্ত্ৰী মোদীয়ে হেৰিছক ভাৰতলৈ আমন্ত্ৰণ জনায়।