বন্দনা হাজৰিকা
বিশ্বজুৰি জনপ্ৰিয়তা অব্যাহত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । মাইক্ৰ’ ব্লগিং ছাইটত বিশ্বৰ আটাইতকৈ সক্ৰিয় আৰু সৰ্বাধিক অনুৰাগী থকা ৰাজনীতিকৰ ভিতৰত শীৰ্ষস্থানত আছে প্ৰধানমন্ত্ৰী মোদী । মাইক্ৰ ব্লগিং ছাইটত অতি জনপ্ৰিয় প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰত অনুৰাগীৰ সংখ্যাই ৭ কোটিৰ ঘৰ অতিক্ৰম কৰিছে । উল্লেখ্য যে ২০০৯ চনতে মোদীয়ে টুইটাৰত অংশ লৈছিল আৰু ২০১০ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা কালত ১লাখ অনুৰাগীৰ সংখ্যা অতিক্ৰম কৰিছিল।
কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে প্ৰধানমন্ত্ৰী মোদীক এই স্বীকৃতি লাভ কৰাৰ বাবে অভিনন্দন জনাইছে।
আনহাতে মোদীৰ পিছতেই সৰ্বাধিক সক্ৰিয় আৰু অনুগামী থকা নেতা হিচাপে স্থান পাইছে আমেৰিকা
যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।