ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত দেশবাশীক সম্বোধন মোদীৰ

Share
অযোধ্যাৰ ৰাম মন্দিৰত বৈদিক নিয়মেৰে ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছতে দেশবাশীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ নিজৰ মনৰ  আধ্যাত্মিক ভাৱ  প্ৰকাশ কৰিলে  মোদীয়ে। দেশত ভগৱান ৰামৰ প্ৰাসংগিকতাক সজোৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে – শতিকা ধৰি অপেক্ষা আৰু ত্যাগৰ বিনিময়ৰ ফলত আজি আমাৰ ৰাম লালা উভতি আহিছে।২২ জানুৱাৰী , ২০২৪ কেৱল এটা তাৰিখ নহয় ,ই হব নতুন কালচক্ৰৰ  আৰম্ভণি।ইফালে ৰাম মন্দিৰ নিৰ্মাণে অগ্নি বৰষিব বুলি একাংশই কৰা মন্তব্যক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে – তেওঁলোকে বিবেচনা কৰা উচিত যে ৰাম এক শক্তি ,অগ্নি নহয়।ৰাম সমাধান ,বিবাদ নহয়। দেশৰ আস্থা ,দেশৰ আইন আৰু ৰাম আধ্যাত্মিক ।আনহাতে মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত মন্দিৰৰ গৰ্ভগৃহত থকাৰ সময়ত তেওঁৰ হূদয় কম্পিত হৈ থকাৰ প্ৰসংগ উল্লখ কৰি ভাষণৰ সময়ছোৱাতো আধ্যাত্মিক সেই সময়খিনিৰ পৰা নিজকে আতৰাই আনিবলৈ সক্ষম নোহোৱা বুলিওঁ মন্তব্য কৰে মোদীয়ে।অযোধ্যাত  ৰামৰ প্ৰাণ প্ৰতিষ্ঠাই পৰৱৰ্তী হাজাৰ বছৰৰ কাৰণে ভাৰতৰ ভেটি গঢ়িলে বুলিওঁ কয় মোদীয়ে ।প্ৰধানমন্ত্ৰী মোদীয়ে আইনৰ আধাৰত মন্দিৰ নিৰ্মাণ কৰিবলৈ দিয়া ন্যায়ৰ বাবে উচ্চতম ন্যায়ালক ধন্যবাদ জ্ঞাপন কৰে । এতিয়াৰে পৰা ৰাম লালা তম্বুৰ ভিতৰত নহয় মন্দিৰৰ ভিতৰত থাকিব।সাগৰৰ পৰা সৰজুলৈ ৰাম নামৰ উদ্যমতা সকলোতে দেখিবলৈ পাইছে আৰু লগতে ভ্ৰমণৰো সুবিধা লাভ কৰিছে মোদীয়ে ।
বিগত কেইবাবছৰ ধৰি মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষম নোহোৱা বাবে  ভগৱান ৰামক ক্ষমা প্ৰাৰ্থনা কৰি  মোদীয়ে  কয় যে ভগৱান ৰামে তেওঁলোকক ক্ষমা কৰি দিব আৰু বহু সময়ৰৰ ব্যৱধানত আজি মন্দিৰ নিৰ্মাণ হোৱাটোৱো ৰামভক্তসকলক উজ্জিৱীত কৰি তুলিব।অতাতকৈ দেশৰ ভৱিষ্যত অধিক ভাল হব গৈ আছে বুলিওঁ কয় মোদীয়ে।ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অতুলনীয় আৰু আৱেগিক মূহুৰ্ত বুলি ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে  জয় শ্ৰীৰাম ধ্বনিৰে  সমাগত আদৰণি জনায়। মই বিশ্বাস কৰোঁ যে আজি অভাৱনীয় আস্থা জাগি উঠিছে । প্ৰভু ৰামৰ ভক্তসকলে এই ঐতিহাসিক ক্ষণত নিজকে বিলীন  কৰি দিছে ।প্ৰভু ৰামৰ প্ৰতিগৰাকী ভক্তই দেশৰ প্ৰান্তে প্ৰান্তে , বিশ্বৰ প্ৰান্তে প্ৰান্তে এই ঐতিহাসিক মুহুৰ্তটোক অনুভৱ কৰিছে বুলিওঁ কয় মোদীয়ে।উল্লেখ যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মোদীয়ে ১১ দিনীয়া ধৰ্মীয় কাৰ্যসুচীৰে দেশৰ বিভিন্ন প্ৰান্তৰ মন্দিৰ আৰু তীৰ্থ দৰ্শন কৰি ভগৱান ৰামক প্ৰাৰ্থনা জনায়। ১১ দিন ধৰি উপবাসেও থাকিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । 

Leave a Reply

Your email address will not be published. Required fields are marked *