দেশৰ‌ আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস, কৰ’নাৰ মাজতো স্বাধীনতা দিৱসক লৈ দেশজুৰি ব্যাপক উৎসাহ

Share

সুস্মিতা বৰা

১৫,আগষ্টঃ আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে সমগ্ৰ ভাৰতে, আজি এিৰংগাৰ ৰঙত গৌৰৱময় ভাৰত। ক’ৰনাৰ ভয়াবহতা ৰ মাজতো স্বাধীনতা দিৱসক লৈ উৎসাহ কমা নাই দেশবাশীৰ। ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত উৰুৱাই জাতীয় পতাকা। কঠোৰ নিৰাপ‌ওাৰ মাজত দিল্লীত আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্য্যক্ৰম। এই কাৰ্য্যসূচী ত বিশেষ অতিথি ৰূপে আছে টকিঅ’ অলিম্পিকত জয় লাভ কৰা দেশৰ গৌৰৱৰ সন্তান সকল, অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁইয়ো থাকিব এই দলত।

আনফালে ৰাজ্য চৰকাৰৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী ত খানাপাৰাত পতাকা উওোলন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *