দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত মুকলি কৰা হ’ল তামিলনাডুৰ ৰামনাথপুৰমৰ নতুন পাম্বান সেতু।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তামিলনাডুৰ ৰামেশ্বৰমত ভাৰতৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট সাগৰীয় দলং উদ্বোধন কৰে।প্ৰায় তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণ শেষ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে পাম্বান দলং উদ্বোধন কৰে।উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ বৈষ্ণৱ আৰু তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিৰ উপস্থিতিত থাকে।২.০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনত ৯৯টা স্পেন আৰু ৭২.৫ মিটাৰ উলম্ব লিফ্ট স্পেন আছে,যিটো ১৭ মিটাৰলৈ উচ্চতাত বৃদ্ধি পায়।ইয়াৰ ফলত ৰে’ল সেৱাত ব্যাঘাত নজন্মাকৈ বৃহৎ জাহাজসমূহে মৃসনভাৱে যাত্ৰা কৰিব পাৰে।সেতুখন এনে উন্নত ধাতুৰে নিৰ্মাণ কৰিছে যে সামুদ্ৰিক পৰিৱেশত ইয়াৰ কোনো ক্ষতি নহয়।প্ৰায় ৫৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই পাম্বান সেতুখন।যি ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ হিচাপে পৰিগণিত হৈছে।এই নতুন সেতুখনক ভাৰতৰ অভিযান্ত্ৰিক উৎকর্ষতা আৰু আন্তঃগাথনি বিকাশৰ প্ৰতীক বুলি অভিহিত কৰা হৈছে।উল্লেখযোগ্য যে পুৰণি পাম্বান সেতু ১৯১৪ চনত ব্ৰিটিছ সময়ছোৱাত নিৰ্মাণ কৰা হৈছিল,যিয়ে ৰামেশ্বৰম দ্বীপক ভাৰতৰ মূল ভূ-খণ্ডৰ সৈতে সংযোগ কৰা হৈছিল।এই সেতুৰ উচ্চতা পূৰ্বৰ সেতুৰ তুলনাত ৩ মিটাৰ অধিক,যাৰ ফলত সাগৰীয় নাও বাহনৰ চলাচল অধিক সুবিধাজনক হ’ব।