ডিজিটেল ডেস্ক,গুৱাহাটীঃ অসম্ভৱকো সম্ভৱ কৰিলে শিৱসাগৰৰ এজন যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই।মুম্বাইৰপৰা এখন বিলাসী বিমানখনক হৰিপ্ৰসন্ন হাজৰিকাই ক্ৰয় কৰি আনিছে অসমলৈ।মুম্বাইৰপৰা অসমলৈ ৰাজপথেদি ট্ৰাকত আহিল এয়াৰ ইণ্ডিয়া বিমান।বহু প্ৰত্যাহ্বান নেউচি অসমভূমিত উপস্থিত হ’লহি এয়াৰ ইণ্ডিয়া বিমানখন।বজালীৰ ভৱানীপুৰৰ কহৰা চকত দেখা গ’ল এয়াৰ ইণ্ডিয়া বিমানখন।শিৱসাগৰ অভিমুখে বজালীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈছে ট্ৰাকত এয়াৰ ইণ্ডিয়া বিমানখন।এয়াৰ ইণ্ডিয়া বিমানখনত স্থাপন কৰা হ’ব এখনি অত্যাধুনিক ৰেষ্টুৰেন্ট।এতিয়াৰে পৰা বিমানত উঠি এসাজ খোৱাৰ আনন্দ লব পাৰিব শিৱসাগৰত। শিৱসাগৰৰ ভটীয়াপাৰত স্থাপন কৰা হ’ব এই এয়াৰক্ৰাফটৰ অত্যাধুনিক ৰেষ্টুৰেন্ট।প্ৰায় ৭০-৮০ জন লোকে একেলগে খাদ্য গ্ৰহণ কৰিব পাৰিব।এখন বিলাসী হোটেললৈ পৰিণত হ’ব এয়াৰ ইণ্ডিয়া বিমানখন।অসমত প্ৰথমবাৰৰ বাবে যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাৰ প্ৰচেষ্টাত এয়াৰক্ৰাফটৰ অত্যাধুনিক ৰেষ্টুৰেন্ট স্থাপন কৰা হ’ব।শিৱসাগৰ তথা অসমবাসীৰ লগতে শিৱসাগৰ পৰ্যটন ক্ষেত্ৰলৈ অহা পৰ্যটকেও এয়াৰক্ৰাফটত উঠি এসাজ খোৱাৰ আনন্দ লব পাৰিব।