কলকাতাত এগৰাকী চিকিৎসকৰ সৈতে জঘন্য কাণ্ড সংঘটিত হোৱাৰ পিছতেই শিলিগুৰি আৰক্ষীয়ে যুৱতী মহিলাৰ সুৰক্ষাৰ বাবে পিংক পেট্ৰলিং বাহনৰ ব্যৱস্থা গ্ৰহণ কৰে।দেওবাৰে পশ্চিমবংগৰ শিলগুৰিত মুকলি কৰা হয় পিংক পেট্ৰলিং বাহন।শিলিগুৰি পুলিচ কমিশ্যনাৰ কায্যালয়ত আৰক্ষী আয়ুক্ত চি সুধাকৰে পিংক পেট্ৰলিং বাহনকেইখনৰ চলাচল আৰম্ভ কৰে।শিলিগুৰি পূৱ আৰু পশ্চিম অংশত ব্যৱস্হা কৰা হৈছে দুখনকৈ পেট্ৰলিং বাহন।যুৱতী মহিলাসকলৰ নাৰাপত্তাৰ অৰ্থেই সাজু কৰা হৈছে বাহনকেইখন। নাৰীজনিত অপৰাধসমূহ ৰোধ কৰিবৰ বাবেই এই বাহনকেইখন মুকলি কৰা হৈছে। শিলিগুৰিৰ ৰাজপথত চলাচল কৰা এই বাহনকেইখনত এগৰাকী মহিলা আৰক্ষী বিষয়া থকাৰ লগতে ৫ গৰাকী মহিলা কনিষ্টবল থাকিব। এগৰাকী মহিলা কোনোধৰনৰ বিপদৰ সন্মুখীন হলেই আৰক্ষীৰ সৈতে যোগাযোগ কৰিলেই এই পিংক পেট্ৰলিং বাহনৰ জড়িয়তে সহায় সহযোগিতা লাভ কৰিব। উল্লেখযোগ্য যে কলকাতাৰ আৰ.জি.কৰ হাস্পাতালত এগৰাকী চিকিৎসকৰ সৈতে জঘন্য কাণ্ড সংঘটিত হোৱাৰ পাছতেই শিলিগুৰি আৰক্ষীয়ে যুৱতি মহিলাৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে।