ছাদ্দাম হুছেইন,২৩ অক্টোৱৰঃ শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ দাম। ৰাজ্যত অব্যাহত আছে পেট্ৰল-ডিজেলৰ উৰ্ধগামী মূল্যৰ যাত্ৰা। তেল বিপনন কোম্পানী সমুহে শনিবাৰে ৩৫(পয়ত্ৰিশ) পইচাকৈ বৃদ্ধি কৰে ইন্ধনজাত সামগ্ৰীৰ দাম।
যাৰ ফলত গুৱাহাটীত ৫৯ পইচা বৃদ্ধি পালে প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য। সেয়েহে এতিয়া গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১০৩.৪৬ টকা।