মাজুলী, ০৮ জানুৱাৰীঃ ৰাজ্যত প্ৰতিদিনে ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোৰোণা সংক্ৰমণ। অতিকৈ কোৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে জাৰি কৰিছে কিছু কঠোৰ নিৰ্দেশনা। মাজুলী নদীদ্বীপটোত মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক বুলি নিৰ্দেশনা জাৰি কৰিছে মাজুলী জিলা প্ৰশাসনে লগতে দুয়োপালি ভেকচিন লোৱা ব্যক্তিসকলেহে মাজুলীত প্ৰৱেশ কৰিব পাৰিব বুলি জিলা প্ৰশাসনে নিৰ্দেশ দিয়ে। কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ পৰা মাজুলীক ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনে হাতত লৈছে এই কঠোৰ ব্যৱস্থা।