আজি মুকলি কৰা হ’ব সংসদ টিভি

Share

বন্দনা হাজৰিকা চেপ্তেম্বৰ ১৫ঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধক্ষ্য ওম বিৰলাই সংসদ টিভি উদ্বোধন কৰিব।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱসত এই টিভি মুকলি কৰা হ’ব বুলি জনাইছে।

উল্লেখ্য যে এই বছৰৰ ফেব্ৰুৱাৰী মাহতেই ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত ৰাজ্যসভা আৰু লোকসভাৰ টিভি একেলগ কৰি নতুন সংসদ টিভি উদ্বোধন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু আজি এই টিভি উদ্বোধন কৰা হ’ব।কংগ্ৰেছৰ নেতা প্ৰবীন সিং , নীতি আয়োগৰ অধ্যক্ষ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভকান্ত সহ বহু গণ্য মান্য ব্যক্তিয়ে এই নতুন টিভি চেনেলটোত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *