বহু জল্পনা কল্পনাৰ অন্তত সামৰণি পৰিল পেৰিছ অলিম্পিক ২০২৪৷ পূৰ্বৰ তুলনাত এইবাৰ পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন হতাশাজনক।সাফল্য আৰু বিৰ্তকৰে সামৰণি পৰিল এইবেলী পেৰিছ অলিম্পিক৷ টকি’অ অলিম্পিকত পদকৰ তালিকাত ৪৮ সংখ্যক স্হানত ভাৰতে অৱস্হান কৰাৰ বিপৰীতে এইবেলী পেৰিছ অলিম্পিকত ভাৰতৰ স্হান সুখজনক নহয় ৷ এটা ৰূপ,৫টা বঞ্জৰে পদক তালিকাৰ ৭১ সংখ্যক স্হানত আছে ভাৰতে। ৪০টা স্বৰ্ণসহ ১২৬ টা পদকেৰে শীৰ্ষত থাকে আমেৰিকা। এটাও স্বৰ্ণ পদ লাভ কৰিব নোৱাৰিলে এইবেলি ভাৰতে।একাংশ ভাৰতীয় খেলুৱৈ পদক লাভৰ পৰা ব্যৰ্থ হৈ চতুৰ্থ স্হানত থাকে। পেৰিছ অলিম্পিক ২০২৪ত মনু ভাকেৰৰ সাফল্যৰ পৰা আৰম্ভ কৰি ভিনেশ ফোগাটৰ বিৰ্তকৰে ভৰা ভাৰতৰ পেৰিছ যাত্ৰা সিমানতে অন্ত পৰে।