সুস্মিতা বৰা
উত্তৰ গুৱাহাটী,২৪ জুলাই: অসম আমাৰ ৰূপে-গুণে চহকী এখন ৰাজ্য আৰু অসমৰে ঐতিহাসিক উত্তৰ গুৱাহাটী দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে বিবেচিত হৈ আহিছে।উত্তৰ গুৱাহাটীত প্ৰতিষ্ঠিত মনিকৰ্নেশ্বৰ ,দেৱালয়,কানায় বৰশী বোৱা শিলালিপিৰ স্থল,আউনী আটী সত্ৰ,আদিয়ে পৰ্যটক সকলক আগৰপৰাই মন মুহি আহিছে তাৰোপৰি পাহাৰ,গছ-বনৰ সেউজীয়া বিলাকেও বহুলোকক আকৰ্ষণ কৰা দেখা যায়। এতিয়া উত্তৰ গুৱাহাটীক পেৰাগ্লাইডিঙক পৰ্যটন স্থল হিছাপে গঢ়াৰ প্ৰয়াস কৰা হৈছে।
এতিয়া কেৱল উত্তৰ গুৱাহাটীৰে নহয় অসমৰ পৰ্য্যটন ক্ষেত্ৰ খনতো অচিৰে সংযোজিত হ’ব এই দু:সাহসিক ক্ৰীয়া। ইয়াৰ বাবে উত্তৰ গুৱাহাটীৰ বাকাৰ সুউচ্চ পাহাৰৰ পৰা চলি আছে উৰনৰ পৰীক্ষা নিৰীক্ষা, উদ্যমী যুৱক মনোজ কুমাৰ দাসৰ লগতে সহযোগী ভৰত চন্দ্ৰ দাস আৰু জুৱেল আহমেদে আকাশত চলাই আছে এই উৰণৰ পৰীক্ষা।
বাকাত এই পেৰা গ্লাইদিঙৰ পৰ্যটন স্থলী হৈ উঠিলে পৰ্যটকে বাকাৰ সুউচ্চ পাহাৰৰ পৰা কোনো ধৰনৰ ইন্ধন প্ৰয়োগ নকৰাকৈ আকাশত উৰি উত্তৰ গুৱাহাটীৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব।