ৰাজ্যিক নিৰ্বাচন আয়োগে পুনৰ নিৰ্ধাৰিত গাওঁ পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ বিপৰীতে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে।ষষ্ঠ অনুসূচীভুক্ত আৰু পৌৰসভা এলেকা সমূহ বাদ দি ৰাজ্যৰ ২৭খন জিলা সামৰি লৈ ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।২৭ খন জিলাৰ ৩৯৭টা জিলা পৰিষদ,১৮১খন আঞ্চলিক পঞ্চায়ত,২,১৯২খন গাওঁ পঞ্চায়ত আৰু ২১,৯২০টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।সেই অনুসৰি ৰাজ্যত চূড়ান্ত ভোটাৰ তালিকা সন্নিৱিষ্ট হৈ ১,৮০,১৪,৯১৩ গৰাকী ভোটাৰৰ নাম।ইয়াৰ ভিতৰত ৯০,৬০,৬৪০জন পুৰুষ ভোটাৰ আৰু ৮৯,৫৩,৮৬৫ গৰাকী মহিলা ভোটাৰ।আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে ৪০৮গৰাকী।ৰাজ্যত প্ৰায় ২৪,৮৮৪টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।লক্ষ্যনীয় কথা যে সীমা পুনৰ নিৰ্ধাৰণৰ পিছতে নতুন ৰুপত হ’ব পঞ্চায়ত নিৰ্বাচন।ৰাজ্যত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ কুচ-কাৱাজ।শাসক-বিৰোধী উভয়ে নিজা নিজা ৰণকৌশলেৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে।এইবাৰ নতুন চাৰিসীমাৰে অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত নাথাকিব প্ৰথম বাৰৰ বাবে কোনো দলীয় প্ৰতীকচিহৃ।আনহাতে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্ৰতীকচিহৃ থাকিব।ইয়াৰউপৰিও ইভি এমৰ অভাৱত পূৰ্বৰ দৰেই এইবাৰো বেলট পেপাৰতে নিৰ্বাচন অনুষ্ঠিত হ’ব।এইবাৰ আগৰ দৰে পঞ্চায়ত সভাপতিৰ পদৰ বাবে প্ৰত্যক্ষ নিৰ্বাচন নহয় গাওঁ পঞ্চায়তৰ নিৰ্বাচিত সদস্যই নিৰ্বাচন কৰিব পঞ্চায়ত সভাপতিগৰাকীক।উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দিষ্ট এক গোচৰ অনুসৰি অহা ৯ জানুৱাৰী পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব নোৱাৰিম বুলি নিষেধাজ্ঞা দি থৈছে যদিও ৰাজ্যৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগে অহা ৩ জানুৱাৰীত এক লেখ আবেদন দাখিল কৰি নিৰ্বাচন পতাৰ বাবে অনুমতি বিচাৰিব।