গৌৰৱ গগৈ পাকিস্তানৰ সৈতে লিংক, এই চৰ্চিত বিষয়ৰ ওপৰত দেওবাৰে দিছপুৰত অনুস্থিত কৰা হৈছিল এখন সংবাদমেল। য’ত সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰ এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তান সংযোগৰ তথ্য প্ৰমাণ ৰাজহুৱা কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
অনুসন্ধানত পোৱা যায় যে পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰে সাংসদ গৌৰৱ গগৈৰ পৰিবাৰৰ অতি ভাল সম্পৰ্ক আছিল। আলী তৌকীৰ শ্বেখ ‘লীড পাকিস্তান’ নামৰ সংস্থাৰ মুৰব্বী আৰু তেওঁ ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্ক (চি ডি কে এন)ৰ এছিয়াৰ মুৰব্বী । ২০১১ চনৰ ১৮ মাৰ্চত লীড পাকিস্তানত যোগদান কৰিছিল গৌৰৱ গগৈ পত্নি এলিজাৱেথ কলবাৰ্ণে, এবছৰৰ বাবে ২০১২ চনৰ ১৭ মাৰ্চলৈ চুক্তিবদ্ধ আছিল । প্ৰথম ছমাহত প্ৰতিমাহে ২ লাখকৈ আৰু পৰৱৰ্তী সময়ত আঢ়ৈ লাখ পাকিস্তানী টকা লাভ কৰিছিল বুলি উল্লেখ কৰিছে সংবাদমেলত, লীড ইণ্ডিয়াত কৰ্মৰত অৱস্থাত ৬ বাৰকৈ দিল্লীৰ পৰা ইছলামাবাদ যোৱাৰ তথ্য উল্লেখ কৰে। অক্সফোড পলিছি মেনেজমেন্ট সংস্থাত কাম কৰোতে ৩ বাৰকৈ ইছলামাবাদ যোৱাৰ তথ্য উল্লেখ কৰা হৈছে। এলিজাবেথ মুঠ ৯ বাৰকৈ ভাৰতৰ পৰা পাকিস্তানলৈ গৈছিল । তেওঁ বিমান পথেৰে সেই যাত্ৰাসমূহ কৰা নাছিল, আট্টাৰী ব’ৰ্ডাৰেহে এলিজাবেথ গগৈয়ে প্ৰৱেশ কৰিছিল পাকিস্তানত।
মুখ্যমন্ত্রীয়ে কয়, “এলিজাবেথ ক’লবাৰ্ণে গৌৰৱ গগৈৰে বিবাহপাশত আবদ্ধ হোৱাৰ পাছতো বৃটিছ নাগৰিকত্ব আৰু খ্ৰীষ্টান ধৰ্মতে আছে । একো পৰিচয় সলনি কৰা নাই । এলিজাবেথ গগৈয়ে পাকিস্তানৰ বেংকৰ একাউণ্টত দৰমহা লোৱাৰ কথা SIT ৰ আগত স্বীকাৰ কৰিছে, কিন্তু একাউণ্টটো বন্ধ কৰা-নকৰা সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে। এলিজাবেথ গগৈৰ চাকৰিৰ এগ্ৰিমেণ্টত আছে যে তেওঁ চাকৰি কৰিব ভাৰতত,কিন্তু তেওঁক পৰিচালনা কৰিব আলী টোকীৰ শ্বেখে।
পাকিস্তানলৈ ১০ দিনীয়া ভ্ৰমণত গৈছিল গৌৰৱ গগৈয়ে। তেওঁ যেতিয়া পাকিস্তানলৈ গৈছিল তেতিয়া কিন্তু এলিজাবেথ গগৈয়ে তাত কাম কৰি থকা নাছিল। সেই সময়ত গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। সেই ভ্ৰমণৰ কথা গৌৰৱ গগৈয়ে ৰাজহুৱা কৰা নাছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে তেওঁৰ পাকিস্তান ভ্ৰমণৰ সন্দৰ্ভত অসমৰ সংবাদ মাধ্যমক মিছা তথ্য দিছিল সংবাদমেলত উত্থাপিত কৰে সংবাদমেলত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-এলিজাবেথ ক’লবাৰ্ণ গগৈ, গৌৰৱ গগৈ আৰু পাকিস্তানৰ মাজত এটা গোপন সম্পৰ্ক আছে। অসম চৰকাৰে এই গোচৰটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক প্ৰেৰণৰ সিদ্ধান্ত লৈছে। গৃহ মন্ত্ৰালয়ক এই গোচৰৰ তদন্ত কৰিবলৈ আহ্বান জনাব অসম চৰকাৰে।
মুখ্যমন্ত্ৰীৰ বিস্ফোৰক সংবাদমেলৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। ছিপাঝাৰত গৌৰৱ গগৈয়ে কয়, ‘‘প্ৰায় আঢ়ৈ ঘণ্টাধৰি মুখ্যমন্ত্ৰীয়ে আজি যথেষ্ট চেষ্টা কৰিলে নিজৰ ফ্লপ চিনেমাখন ৰাইজৰ মাজলৈ লৈ যাবলৈ। কিন্তু সফল নহ’ল। আনকি, তাত থকা সাংবাদিকসকলকে মুখ্যমন্ত্ৰীয়ে আশ্বস্ত কৰিব নোৱাৰিলে। সাংবাদিকসকলকে মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰিলে প্রশ্নৰ উত্তৰ।’’
সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰি লগতে কয়, ‘‘নিৰ্বাচনৰ দুমাহ আগত সাৰ পালে। আচলতে তেওঁ নিজেই আশ্বস্ত নহয়। যোৱা তিনিদিনতে আমি বহু তথ্য ফাদিল কৰিছোঁ। তথ্যসহ আমি মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ তথ্য ফাদিল কৰিম। তেওঁলোকৰ চিনেমা ফ্লপ হ’ল। আমাৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ হিট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান আৰু বিবেকক সন্মান কৰিবলৈ শিকক। ৰাইজক সন্মান কৰিবলৈ শিকক।’’