অগ্নিগৰ্ভ পাকিস্তানঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ কৰে ‘পাকিস্তান ৰেঞ্জাছ’এ

Share

সংসদত সংখ্যাগৰিষ্ঠতাৰ ক্ষমতা হেৰুৱাৰ পৰা অপসাৰিত হোৱা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক মঙ্গলবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ৰ চৌহদত পাকিস্তান ৰেঞ্জাছে গ্ৰেপ্তাৰ কৰে। ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশখনৰ বিভিন্ন দলীয় কৰ্মী-সমৰ্থক ৰাজপথলৈ ওলাই আহে আৰু ইমৰান খানৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে ৰাৱালপিণ্ডিৰ সেনবাহিনীৰ মুখ্য কাৰ্য্যালয় ভাঙি পেলোৱাৰ লগতে ৰেডিঅ’ পাকিস্তানৰ ভৱনত অগ্নিসংযোগ কৰে। নিমিষতে সমগ্ৰ পাকিস্তান অগ্নিগৰ্ভা হৈ পৰে।

উল্লেখনীয় যে, প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ বিৰুদ্ধে বহুতো গোচৰ ৰুজু হৈ আছিলে। পূৰ্বৰ চৰকাৰৰ দিনত ইমৰান খান আৰু তেওঁৰ পত্নী এটা প্ৰতিষ্ঠানৰ লগত অবৈধ লেনদেন কৰিছিল।অবৈধ প্ৰতিষ্ঠানটোয়ে  ৫০০০ কোটি টকা প্ৰেৰণ কৰিছিল ইমৰান খানলৈ। এইসমুহ গোচৰ শুনানিৰ বাবে উচ্চ ন্যায়ালয়ত হাজিৰ কৰোৱা হৈছিল মন্ত্ৰীগৰাকীক। কিন্তু ইমৰান খান নেতৃত্বাধীন ‘পাকিস্তান টেহৰিক ই ইনচাফ’ দলে তেখেতক গ্ৰেপ্তাৰ কৰা কাৰ্য বেআইনী বুলি অভিযোগ কৰে। লক্ষণীয় যে, ইমৰান খানে এজন ক্ষমতাশালী সেনা বিষয়া তথা দেশখনৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ জেষ্ঠ বিষয়াৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ এদিনৰ পিচতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী গ্ৰেপ্তাৰ হয়। 

ইছলামবাদ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বুধবাৰে অৰ্থ্যাত আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱা হ’ব। পুনৰ যাতে কোনো দল বা প্ৰতিবাদকাৰীয়ে অশান্তিৰ সৃষ্টি নকৰে তাৰ বাবে ১৪৪ ধাৰা বলৱত কৰা হৈছে।প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে থকা গোচৰৰ বিচাৰ ইছলামবাদ উচ্চ ন্যায়ালয়ৰ এখন ছজনীয়া কমিটিয়ে কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *