অসমৰ ৪ গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান

Share

দেশৰ মুঠ ১৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ’ল পদ্মভূষণ সন্মান।লগতে ৭ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মবিভূষণ বঁটা আৰু মুঠ ১১৩ গৰাকীকৈ বিশিষ্ট ব্যক্তিক পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।দেশৰ মুঠ ১৯ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত অসমৰ নৃত্যাচাৰ্য যতীন গোস্বামীলৈ দেশৰ দ্বিতীয় অসামৰিক সন্মান পদ্মভূষন সন্মান আগবঢ়োৱা হৈছে।২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰা লগতে ২০০৮ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মান লাভ কৰিছিল।ইয়াৰ লগতে অসমৰ ৪ গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।তেওঁলোকৰ ভিতৰত আছে সাহিত্য আৰু শিক্ষা ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা অনিল কুমাৰ বড়ো,গীতা উপাধ্যায়।লগতে জয়নাচৰন বাথাৰী আৰু ৰেৱকান্ত মহন্তলৈয়ো আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।লোকশিল্পলৈ বিশেষ অৱদানৰ বাবে জয়নাচৰন বাথাৰী আৰু ৰেৱকান্ত মহন্তক এই সন্মান প্ৰদান কৰা হৈছে।ৰাজ্যৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা আন দুগৰাকী হৈছে সাহিত্য আৰু শিক্ষা ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়।আনহাতে এই আটাইকেইগৰাকীক অসমীয়া সন্মানীয় বিশিষ্ট ব্যক্তিকে অভিনন্দন জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।তেওঁ কয় যে পদ্ম ভূষন সন্মান লাভ কৰাৰ বাবে অসমবাসীৰ হৈ যতীন গোস্বামী আৰু পদ্মশ্ৰী সন্মানৰ বাবে অনিল কুমাৰ বড়ো,গীতা উপাধ্যায়,জয়নাচৰন বাথাৰী আৰু ৰেৱকান্ত মহন্তলৈয়ো অভিনন্দন জ্ঞাপন কৰিছো।লগতে কয় যে ব্যতিক্ৰমী অৱদানৰ বাবে ধন্যবাদ জনোৱাৰ লগতে তেওঁলোকৰ কৰ্মৰাজীয়ে সমাজখনক অনুপ্ৰাণিত কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।  

Leave a Reply

Your email address will not be published. Required fields are marked *